স্বৰ্ণ বৰুৱাৰ “বিয়া নামৰ হাঁচতি” উন্মোচন ঢকুৱাখনাত

0
84

স্বৰ্ণ বৰুৱাৰ “বিয়া নামৰ হাঁচতি” উন্মোচন ঢকুৱাখনাত

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদন , ঢকুৱাখনা , ২৯ এপ্ৰিল : “বিয়া হ’ল অসমীয়া লোক-জীৱনৰ এক অন্যতম পৰম্পৰা ৰক্ষাকাৰী অনুষ্ঠান ।বিয়াৰ লোকাচাৰৰ লগত সম্পৰ্ক থকা বিয়া নামবোৰ হ’ল অসমীয়া লোক সাহিত্যৰ অমূল্য সম্পদ । কিন্তু শেহতীয়া কৈ বিয়াবোৰত আধুনিকতাৰ প্ৰভাৱ পৰি অসমীয়া লোক সংস্কৃতিক চহকী কৰা পুৰণি কলীয়া বিয়ানাম সমূহ হেৰাই যাবলৈ ধৰিছে । এনে সময়তে ঢকুৱাখনাৰ বাটচ’ৰামুখ গাঁৱৰ জ্যেষ্ঠ মহিলা স্বৰ্ণ বৰুৱাই লিখি উলিওৱা “বিয়া নামৰ হাঁচতি” পুথিখনে বিয়ানামৰ সংৰক্ষণৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে ।”-এই মন্তব্য কৰিছে ঢকুৱাখনা শাখা সাহিত্য সভাৰ সম্পাদক , তথা কবি , সুলেখক-ড০ জিতু কুমাৰ চমুৱাই । বৃহস্পতি বাৰে বিয়লি ৩ বজাত ঢকুৱাখনাৰ ১ নং হিলৈদাৰীত নিতন গগৈৰ বাসগৃহৰ চৌহদত সম্পূৰ্ণ ক’ভিডৰ নীতি-নিয়ম মানি স্বৰ্ণ বৰুৱাৰ পুৰণি বিয়া নামৰ সংকলন- “বিয়া নামৰ হাঁচতি” উন্মোচন কৰি ড০ চমুৱাই উল্লেখিত মন্তব্য কৰে ।

ইফালে , এই গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি শিক্ষক হেমন্ত কুমাৰ বৰুৱাই কয় যে-“বিয়া নামৰ হাঁচতি” এই পুথিখন দেখাত ক্ষুদ্ৰ হলেও বৰ্তমানৰ প্ৰেক্ষাপটত এখন অতি দৰকাৰী কিতাপ । আজি এইখন কিতাপখনৰ জড়িয়তে ঢকুৱাখনাৰ সাহিত্য জগতত এটি নতুন দিশৰ প্ৰৱেশ ঘটিল আৰু এগৰাকী নতুন লেখিকাৰো জন্ম হ’ল ।” প্ৰেছ গীল্ড,ঢকুৱাখনাৰ সম্পাদক , তথা নিউজ লাইভ’ৰ ঢকুৱাখনাৰ সাংবাদদাতা ৰাজীৱ বৰুৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ঢকুৱাখনাৰ এগৰাকী প্ৰখ্যাত নামতি দশমী গগৈ , নামাচাৰ্য-গন্ধেশ্বৰ গগৈয়েও বক্তব্য ৰাখে-“বিয়া নামৰ হাঁচতি” পুথিখনৰ সন্দৰ্ভত । ঢকুৱাখনাৰ নিয়ৰ প্ৰকাশনে প্ৰকাশ কৰা পুৰণি বিয়া নামৰ সংকলনখনৰ লেখিকা স্বৰ্ণ বৰুৱাই সভাৰ শেষত মনৰ অনুভৱ ব্যক্ত কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here