হােজাই জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ সভা

    0
    67

    হােজাই জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ সভা

    জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ৮ এপ্ৰিলঃ সমাগত বাৰিষা কালত সম্ভাব্য বানপানীৰ ক্ষয়-ক্ষতি প্ৰতিৰােধৰ ক্ষেত্ৰত ল’বলগা ব্যৱস্থাৰ ওপৰত আজি হোজাই জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডাঃ সদনেক সিঙৰ সভাপতিত্বত জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ সভাত জিলা উপায়ুক্তই উপস্থিত জিলাখনৰ তিনিওটা ৰাজহ চক্রৰ চক্ৰ বিষয়াসকল আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক বানপানীৰ সময়ত যিকোনাে অনাৱশ্যক পৰিস্থিতি যাতে গঢ় লৈ নুঠে তাৰ বাবে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা আৰু সজাগ হৈ থাকিবলৈ নির্দেশ দিয়ে ৷ সভাত তিনিওটা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়াসকলে পাৱাৰ পয়েন্ট প্রেজেন্টেশ্বনৰ জৰিয়তে সম্ভাব্য বানপানীৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ প্রতিৰোধমূলক ব্যৱস্থাৰ এক সম্যক ধাৰণা দাঙি ধৰে ৷ উক্ত সভাত জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ মুখ্য কার্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, চক্র বিষয়াসকল, জিলা দুর্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্রকল্প বিষয়া হিমপর্ণা কলিতাকে আদি কৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নিৰা ৰয়ে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here