হোজাই সমষ্টিত এইবাৰো পদুম ফুলিবনে ?

    0
    49

    হোজাই সমষ্টিত এইবাৰো পদুম ফুলিবনে ?

    জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ২৬ মাৰ্চঃ ৰাজ্যৰ অন্যতম চৰ্চিত সমষ্টি হিচাপে পৰিচিত হোজাই সমষ্টিত এইবাৰ কি “খেলা হবে” ? দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া হোজাই বিধানসভা সমষ্টিত আকৰ্ষণীয় হব নিৰ্বাচনী প্ৰেক্ষাপট ৷ ৰাজ্যৰ এগৰাকী বিতৰ্কিত জনপ্ৰতিনিধি হিচাপে পৰিচিত শিলাদিত্য দেৱে প্ৰতিনিধিত্ব কৰা সমষ্টিটোত এইবাৰ দলে তেওঁক টিকট প্ৰদান কৰা নাই ৷ শিলাদিত্য অবিহনে সমষ্টিটোত বিজেপিয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছেও তীব্ৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ হৈ দলটোৰ ষ্টাৰ প্ৰচাৰক তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আহি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ এতিয়ালৈকে কোনো দলীয় তাৰকা প্ৰচাৰকে আহি প্ৰচাৰ চলোৱা দেখা নাই ৷ আজি সমষ্টিটোত বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলায় স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ হোজাই বিহুতলি খেলপথাৰত সহস্ৰাধিক লোকৰ উপস্থিতিত হিমন্তই ৰণ হুংকাৰ দিয়ে ৷ ১৯৭২ চনত গঠন হোৱা সমষ্টিটোত প্ৰথমবাৰ কংগ্ৰেছ দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল ইদ্ৰিছ আলী ফকীৰ , ১৯৭৮ চনত জেএনপি দলৰ পৰা শান্তিৰঞ্জন দাসগুপ্তা বিজয়ী হৈছিল ৷ ১৯৮৩ চনত হোজাই সমষ্টিত কংগ্ৰেছৰ পৰা বিজয়ী হয় সাধন ৰঞ্জন সৰকাৰ , ১৯৮৫ চনত পুনৰ নিৰ্দলীয়ৰ ৰূপত শান্তি ৰঞ্জন দাসগুপ্তা জয়ী হয় ৷ ১৯৯১ চনৰ পৰা ২০০১ চনলৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে বিধায়ক নিৰ্বাচিত হয় কংগ্ৰেছ দলৰ পৰা ডাঃ অৰ্ধেন্দু কুমাৰ দে ৷ ২০০৬ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী ডাঃ আদিত্য লাংথাছা ৷ ২০১১ চনত একেটা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত পুনৰ ডাঃ অৰ্ধেন্দু দে বিধায়ক নিৰ্বাচিত হয় ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা শিলাদিত্য দেবে সমষ্টিটো দখল কৰিবলৈ সক্ষম হয় ৷ সমষ্টিটোৰ পৰা সৰ্বাধিক চাৰিটা কাৰ্যকালৰ বাবে বিধায়ক হোৱা ডাঃ অৰ্ধেন্দু কুমাৰ দেই হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ চৰকাৰত গুৰুত্বপূৰ্ণ মন্ত্ৰীপদো লাভ কৰিছিল ৷ ২০০১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা অৰ্ধেন্দু কুমাৰ দেই ৫১০৪৮ টা ভোট লাভ কৰি বিধায়ক নিৰ্বাচিত হৈছিল ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী ৰাম প্ৰসাদ সাহাই ৪৪৮৮৭ টা ভোট লাভ কৰিছিল ৷ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল এআইইউডিএফৰ ডাঃ আদিত্য লাংথাছা ৷ তেওঁ ভোট লাভ কৰিছিল ৪৪৩৬৪ টা আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অৰ্ধেন্দু কুমাৰ দেই ৩৯০১১ টা ভোট আৰু বিজেপি প্ৰাৰ্থী বিদ্যা সাগৰে ২৯৯৯৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ সেই বছৰ অগপৰ প্ৰাৰ্থী কমল দত্তই লাভ কৰে ২৫১০৯ টা ভোট ৷ ২০১১ চনত সমষ্টিটোৰ পৰা পুনৰবাৰ বিধায়ক নিৰ্বাচিত হয় কংগ্ৰেছৰ ডাঃ অৰ্ধেন্দু কুমাৰ দে’ ৷ কংগ্ৰেছ প্ৰাৰ্থী ডাঃ দেই লাভ কৰিছিল ৭০৬৪৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এআইইউডিএফৰ প্ৰাৰ্থী ডাঃ আদিত্য লাংথাছাই ৫০৭৫৫ টা ভোট পোৱাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱে লাভ কৰিছিল ৩০০১১ টা ভোট ৷ অগপৰ প্ৰাৰ্থী নাৰায়ন চন্দ্ৰ ভৌমিকে লাভ কৰিছিল ২৬২৩ টা ভোট ৷ ২০১৬ চনত সমষ্টিটোত অভিলেখ সংখ্যৰ ভোট লাভ কৰি বিধায়ক নিৰ্বাচিত হয় বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱ ৷ তেওঁ লাভ কৰিছিল ১০৫৬১৫ টা ভোট ৷ তাৰ বিপৰীতে এআইইউডিএফৰ প্ৰাৰ্থী ধনীৰাম থাউচেনে ৪৯৭৫৬ টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ডাঃ অৰ্ধেন্দু কুমাৰ দেই লাভ কৰে ৩৫২০৭ টা ভোট ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান এতিয়া তুংগত ৷ সমষ্টিটোত এইবাৰো পদুম ফুলিবনে ? নে খেলা হবে ? এইলৈ ৰাজনৈতিক মহলত চলিছে সৰৱ চৰ্চা ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া ৯১ নং হোজাই বিধানসভা সমষ্টিত মুঠ পাঁচ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ প্ৰাৰ্থী কেইগৰাকী হৈছে ক্ৰমে ৰাজ কুমাৰ গুপ্তা (লোক ৰক্ষা পাৰ্টী), ৰামকৃষ্ণ ঘোষ (ভাৰতীয় জনতা পাৰ্টী), দেৱব্ৰত সাহা (ভাৰতীয় জাতীয় কংগ্ৰেছ), দুলাল সুত্ৰধৰ (নিৰ্দলীয়), নজমুল হুছেইন লস্কৰ (নিৰ্দলীয়) ৷ হোজাই সমষ্টিত মুঠ ২,৬৩,৭৮০ গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ এইবাৰ সমষ্টিটোত দ্বিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ লক্ষণ দেখা গৈছে ৷ সমষ্টিটোত এইবাৰ মিত্ৰতাৰ বাবে এআইইউডিএফে প্ৰাৰ্থী থিয় কৰোৱা নাই ৷ ঠিক একেদৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও প্ৰাৰ্থী দিয়া নাই সমষ্টিটোত ৷ এই দৃষ্টিত এতিয়া সমষ্টিটোত মূল যুঁজখন হব কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৷ কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ প্ৰবীণ কংগ্ৰেছ নেতা ডাঃ অৰ্ধেন্দু কুমাৰ দেই বিজেপিত যোগ দিয়াৰ বিপৰীতে বিজেপিৰ টিকটৰ পৰা বঞ্চিত বৰ্তমানৰ বিধায়ক শিলাদিত্য দেৱে বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত নহল ৷ দলীয় টিকট বঞ্চিত বিধায়ক শিলাদিত্য দেৱৰ ভূমিকা গুৰুত্বপূৰ্ণ হব হোজাইৰ যিকোনো এগৰাকী প্ৰাৰ্থীৰ বিজয়ত ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here