ৰঙিয়াত মন্ত্ৰী ভবেশ কলিতাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

    0
    54

    ৰঙিয়াত মন্ত্ৰী ভবেশ কলিতাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ১৪ মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভবেশ কলিতাই ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ গাৱে ভূঞে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । আজি দিনৰ ভাগত বিছেন্নালা যজ্ঞ মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশলৈ মন্ত্ৰী গৰাকীয়ে এইবাৰ নিৰ্বাচনত মহাজোট বন্ধন কোনো ফেক্টৰেই নহয় বুলি মন্তব্য কৰাৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ চিপিআই (এম)ৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰক তীব্ৰ সমালোচনা কৰি কয় যে , অন্তত নিৰ্বাচনৰ এবছৰমান আগৰ পৰাও যদি সমষ্টিবাসীৰ খবৰ ললে হেতেন তেতিয়াও সমষ্টিবাসীয়ে ভালপালে হেতেন । আনহাতে , সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি বগৰিবাৰীৰ ভগ্ন মথাউৰি সন্দৰ্ভত কয় যে , ইতিমধ্যেই মথাউৰি নিৰ্মাণৰ বাবে দহ কৌটি টকা আবন্টন দিয়া হৈছে আৰু বানপানী ভবেশ কলিতাৰ কাৰণে নাহে । সমষ্টিবাসীয়ে এইবাৰ উন্নয়ন বিচাৰিছে , যিটো আমাৰ চৰকাৰৰ দ্বাৰাহে সম্ভৱ।নিৰ্বাচনী সভাসমূহত ৰাইজে লক্ষণীয়ভাৱে মন্ত্ৰী গৰাকীক সহাৰী জনোৱা পৰিলক্ষিত হয় , এই সময়চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে অধিবক্তা গোপাল কাকতি , জিলা পৰিষদৰ সদস্য লিটন কলিতাসহ কেবাজনো বিজেপি নেতাই ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here