ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ডি.বি.মিশ্ৰৰ সংবাদমেল

    0
    61

    ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ডি.বি.মিশ্ৰৰ সংবাদমেল

    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ২৩ মাৰ্চঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচন কেন্দ্ৰীক তৎপৰতা । পিছ পৰি ৰোৱা নাই ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ চিপিআইএম মনোনীত আৰু মহাজোট সমৰ্থিত প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰ , দিনে নিশাই গাৱে-ভূঞে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতেই সোমবাৰে নিশা প্ৰায় ৯:०० বজাত ৰঙিয়া প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদীক সকলৰ লগত মত বিনিময় কৰাৰ উপৰিও নিৰ্বাচনী পৰিকল্পনাৰ বিষয়েও অৱগত কৰে । লক্ষণীয়ভাৱে , ডাঃ মিশ্ৰই বৰ্তমানৰ স্থানীয় বিধায়ক ভবেশ কলিতাক সমালোচনা কৰাৰ পৰিৱৰ্তে শুভেচ্ছা জনাই তেখেতৰ ৰাজনৈতিক জীৱন অধিক সফল হওঁক বুলি মন্তব্য কৰা পৰিলক্ষিত হয় , ইয়াৰোপৰী সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত শেহতীয়াভাৱে অখিল গগৈৰ দ্বিতীয় চিঠিখনৰ বিষয়ে উত্তৰ দি কয় যে , আজিৰ তাৰিখত ই এক অত্যন্ত প্ৰাসংগিক আহ্বান বুলি বিবেচীত হৈছে , এইক্ষেত্ৰত অখিল গগৈ আৰু ৰাইজৰ দলৰ নেতৃত্বৰ মাজত কৰবাত অমিল দেখা পোৱা যেন অনুভৱ হয় । আনহাতে , ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মণ সন্দৰ্ভত মন্তব্য কৰি কয় যে , ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে যদিহে ইতিবাচকভাৱে প্ৰচাৰ চলাইছে , তেনেহʼলে এই প্ৰচাৰে নিশ্চিতভাৱে মহাজোটকেই লাভান্বিত কৰিব। এই সংবাদমেলত মহাজোটৰ প্ৰাৰ্থী গৰাকীক বিপিএফ দলৰ নেতা মৃণাল ডেকা , সাংবাদিক পেঞ্চনাৰ তথা চিপিআইএমৰ নিৰ্বাচনী মুখপাত্ৰ মুকুল কলিতা তথা কংগ্ৰেছৰ নেতৃবৃন্দই সংগ দিয়ে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here