ৰাইজেই গঢ়ক ৰাইজৰ ভৱিষ্যত
গীতালি কেওট বৰা
অসমৰ আকাশে বতাহে এতিয়া নিৰ্বাচনৰ বহুৰঙী ৰাজনৈতিক চিলা উৰিছে৷ সকলোৱে নিজ নিজ চিলাৰ জৰী নিয়ন্ত্ৰন কৰাত ব্যস্ত হৈ পৰিছে৷ কো নখন চিলাৰ প্ৰতি কাৰ কিমান আনুগত্য সেয়া অতি সহজ ভাৱেই বুজিব পৰা গৈছে৷ চিলাৰ গৰাকী স্বৰূপে নিৰ্বাচিত প্ৰাৰ্থীসকলক এতিয়া কেইটামান দিনলৈকে কেতিয়াবা অত্যাধুনিক ৰথসমূহৰ ওপৰত হাতযোৰ কৰি ৰাইজৰ মাজে মাজে সমদলৰ মাজত দেখা গৈছে, কেতিয়াবা পদপথত আৰু কেতিয়াবা দলীয়সভাৰ মঞ্চত থৰ লাগি ৰৈ থকা মাইক্ৰফোনটোৰ সন্মুখত দেখিবলৈ পোৱা গৈছ৷ লগে লগে সমৰ্থকসকলৰ জিন্দাবাদ ধ্বনি৷ একাংশই ঘৰে ঘৰে গৈ বা টেলিফোনিক বাৰ্তালাপৰ মাধ্যমত বিশেষ ৰাজনৈতিক দলকেই ভোটটো দিবলৈ সাধাৰণ জনতাক সচেতন কৰি ফুৰিছে৷ কিন্তু এই নিৰ্বাচনৰ সময়ছোৱাত সাধাৰণ লোকৰ এটা ভোটক যিটো মূল্য ভাব-ভক্তিৰে প্ৰদান কৰা হয়,নিৰ্বাচনৰ পাছত অৰ্থাৎ সমষ্টিয়ে সমষ্টিয়ে এজন এজন জননেতাই যেতিয়া সাধাৰণ মানুহৰ ভোট কেইটা লৈয়েই ৰাজমুকুট পিন্ধিবলৈ সক্ষম হয়, তেতিয়া সেই সাধাৰণ লোকসকলৰ ইচ্ছা-অনিচ্ছা,দাবী,গোঁহাৰি,অভিযোগ সমূহে এজন এজন জনপ্ৰতিনিধিৰ আগত উচিত মূল্য বা মৰ্যাদা পাইনে । তেনে প্ৰতিনিধি এপাচি শাকত এটা জলকীয়াৰ দৰেহে ক’ৰবাত দুই এজন ! ৰাজনৈতিক সমীকৰণ আৰু ব্যক্তিগত লাভা লাভৰ স্বাৰ্থত সাধাৰণ জনতাৰ কথাবোৰে কোনো সমাধাণৰ উত্তৰ নোপোৱাকৈ প্ৰশ্ন হৈয়ে ৰৈ যোৱা অধিকতৰ দৃষ্টিগোচৰ হয় ৷ উদাহৰণস্বৰূপে সৌ সিদিনা কথা,এখন দলীয় সভাত দলৰ সভাপতিজন আহি সভাত উপস্থিত হৈছিলহি ৷ দিছপুৰৰ লাৰুটো চুবাব পাৰক বা নোৱাৰক এই লাইনত থকা প্ৰায় সকলৰেই লাৰুটো এচেলেক মৰাৰ হেঁপাহ এটা থাকেই দিয়কচোন ! ৰাজনৈতিক অধিকাৰ বুলিও কথা এটা আছে ! সেইদিনা সেই জনপ্ৰিয়,হাতদীঘল দলৰ সভাপতি মহোদয়ক আদৰিবলৈ দলৰ নাৰী সুৰক্ষা সমিটিৰ গপচ গপচ নাৰীসকলৰ কত যে হেঁচা-ঠেলাখন লাগিল ! এপাকত সেই সুৰক্ষা সমিটিৰ সভানেতৃ গৰাকীয়ে বৰ বৰ খোজেৰে আগবাঢ়ি গৈ সভাপতিক আদৰি আনি সভাপতিৰ নিৰ্দিষ্ট আসনত বহুৱালে ৷ সভাপতি মঞ্চত প্ৰৱেশ কৰাৰ লগে লগে চেলফী তুলা সৰু অনুষ্ঠান এটাৰেই সভা উদ্বোধন হ’ল ৷ তাৰ পাছত হে তালিকাভুক্ত সভাৰ মূল উদেশ্যলৈ কৰ্মীসকল আগবাঢ়িল ৷ সভাৰ উদেশ্য মতে বিশিষ্ট দলীয় কৰ্মীসকলৰ এজন এজনকৈ বহু অৰ্থপূৰ্ণ জাতীয়তাবাদী উদাত্ত ভাষণ ৰাখিলে ৷ আজিকালি আকৌ ভাষণ দিয়াৰ সলনি ৰাখেহে ! ভাষণৰ মাজে মাজে লাচিতৰ দেশৰ অগ্নিযুগৰ ফিৰিঙতিসকলে খুব হাত চাপৰি বজাইছিল ৷ সভাপতিয়ে মাজে মাজে চল চাই কঁঠিয়া পৰাৰ দৰে সাংবাদিকসকলৰ কেমেৰাৰ ফালে চাই মিহি মিহিকৈ হাঁহি এটাও মাৰি থাকিল ৷ মিচিক মাচাক পৰ্বটো আৰম্ভ হৈছিলহে , তেনেতেই ঘটিল নহয় ডাঙৰ এটা অথন্তৰ ৷ সভাপতিয়ে ফৰ্মালিটিছ মেনটেইন কৰি সমজুৱা একাষাৰ ক’বলৈ আহ্বান কৰাৰ লগে লগে মঞ্চৰ তলৰ পৰা মূৰত গামোছা এখন মেৰিয়াই কোবা-কোবকৈ জধলা মানুহ এজন মঞ্চলৈ উঠি আহি মাইকৰ সন্মুখত ৰৈয়েই অকণো পলম নকৰি মুখ মেলিলে— “অলেখ ৰোমাঞ্চিত চাৰিত্ৰিক সাজ-সজ্জাৰে উজ্বলিত সভাপতি মহোদয় আৰু স্বৰ্গীয় ৰাইজ”। লগে লগে গোটেই সভাতলী গৰম ৷ তলত বহি থকা এজন লাচিতৰ তেজ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বৈ থকা এজন ডেকাই উত্তেজিত হৈ চিঞৰি ক’লে— “হেৰি আপুনি কি বুলি ৰাইজক সম্বোধন কৰিলে হে ? মূৰত মাল নাই নেকি ? নামি আহ বুঢ়া , নহ’লে তাতেই হাড়ত বন গজাই দিমগৈ ৷” অভং বক্তাৰ সেইবোৰলৈ কাণ নিদি পুনৰ ক’লে—”যি শুনিছে ঠিকেই শুনিছে ; উত্তেজিত নহ’ব ৷ উশাহ লৈ থাকিলেই আৰু দুঠেঙীয়া হৈ চলাচল কৰি থাকিব পাৰিলেই জীয়াই থকা বুলি ক’ব নোৱাৰি ৷ আজি চাৰিওফালে ডিচপুৰৰ চকীখনলৈ দবৰা-দবৰি ৷ গণতান্ত্ৰিক নিয়ম ৰক্ষা কৰি একাংশই ৰাইজৰ বাবে কাম কৰিবলৈ অনামী প্ৰতিযোগিতাত নামিছে , ভাল কথা ৷ কিন্তু ৰাজ্যত কিহৰ অশান্তিকৰ আৰু বিশৃংখল পৰিৱেশৰ আমি সন্মুখীন হ’ব লগা হৈছে ? কেৱল বিতৰ্কত জহি পমি গৈছে প্ৰায় সংখ্যক লোক ৷ কথা ক’লেই অমুকা দেশদ্ৰোহী বুলি পৰিগণিত হ’ম” ৷ পুনৰ এজনে চকীখন থেকেচ মাৰি আগবাঢ়ি আহি চিঞৰিলে, “ঐ তোৰ তপত ভাতৰ ধোঁৱাই বিন্ধিছে ন ? বক্তাই কোনো কথালৈ কাণ নিদি অনৰ্গল কৈ গ’ল— “আজিৰ সমাজত সকলো ব্যস্ত ৷ কোনোৱে ৰাজ্যৰ ভিতৰে বাহিৰে চাৰি/পাঁচ মহলীয়া ফ্লেট কিনিবলৈ টকাৰ যোগাৰত দিন ৰাতি এক কৰিছে ৷ কোনোৱে নতুন বছৰ , বিহু, পূজা, ৰাস, ভাওনা বুলিয়ে বাৰ মাহে তেৰমহীয়া ব্যস্তটাত কটাইছে ৷ কিছুমানে গেৰুৱা ৰঙৰ প্ৰতি অতিমোহ প্ৰদৰ্শন কৰিছে , কোনোৱে সভা সমিতিত মিছা কথাবোৰ উচ্চস্বৰে ৰস বৈ যোৱাকৈ কৈ গৈছে আৰু একাংশই তাকেই ভাগৱত শ্ৰৱণ কৰাৰ দৰে ভকতি ভাৱে লেপেত কাঢ়ি ঘণ্টা-ঘণ্টা ধৰি শুনি গাৰ সকলো বল প্ৰয়োগ কৰি হাত চাপৰি বজাই সমৰ্থন কৰিছে ৷ তেনে ক্ষেত্ৰত স্বৰ্গীয় ৰাইজ বুলি কোৱাতো মোৰ ভুল কেনেকৈ হ’ল ?” এনেতে সভাপতিয়ে নিজ আসনৰ পৰাই কি ইংগিত দিলে কোনেও গমেই নাপালে ; লগে লগে মাইক্ৰফোনটো বন্ধ হৈ গ’ল আৰু চাৰিজন মানুহ আহি বক্তাজনক চুচৰাই নিয়া দি মঞ্চৰ পৰা তললৈ নমাই লৈ গ’ল ৷ তেনে অৱস্থাতো বক্তাজনে চিঞৰি কৈ গ’ল “আমাৰ দৰে সাধাৰণ মানুহৰ কথাবোৰে তহঁতৰ মূৰত বিন্ধে , আমাৰ মুখ বন্ধ কৰিব বিচাৰিছ , চাল্লা তেজখোৱাবোৰক ভোটৰ সময়তহে মানুহ লাগে..”৷ গতিকে,এইবোৰেই হ’ল সাধাৰণ মানুহৰ প্ৰতি থকা তেওঁলোকৰ দৰদ৷ সাধাৰণ মানুহৰ কথা কোনোপধ্যেই শুনিব নিবিচৰা প্ৰায় এনেকুৱা দৃশ্যৰেই ৰাজনৈতিক পথাৰখন এতিয়া সেউজীয়া হৈ পৰিছে ৷ এজন নেতাৰ বাকপটুতা থাকিব লাগে ৷ কিন্তু সেইবুলি অযথা কথাত হৈ-ছৈ কৰি তুচ্ছ-তাচিল্যৰে নিজে বৰ জাহিৰা কৰাটোক বাকপটুতা বুলি ক’ব নোৱাৰি ৷ বিৰোধী পক্ষক আক্ৰমণ কৰাৰ দৰে কোনো নেতা বা দলীয় কৰ্মীয়ে যেতিয়া সামাজিক মাধ্যমতেই হওক বা সভাই সমিতিয়ে যিবোৰ পাতল মন্তব্য আগবঢ়াই , তেনে কথাবোৰে নেতাৰ ব্যক্তিত্ব , সমাজৰ সমন্বয়ত হানি কৰাৰ বাহিৰে আন একো নকৰে ৷ বিতৰ্ক সৃষ্টিৰ বাবে ৰাইজক নেতাৰ প্ৰয়োজন নহয় , ৰাইজৰ কথা চিন্তা কৰিব পৰা , ৰাইজক সবল ভাৱে নেতৃত্ব প্ৰদান কৰি উন্নয়নৰ বাটেৰে আগুৱাই নিয়াৰ বাবেহে নেতাৰ প্ৰয়োজন ৷ কথাৰ কাৰচাজিৰে সাধাৰণ লোকৰ চকুত ধূলি মাৰি ৰাজমুকুট পিন্ধিব খোজা নেতা সমাজৰ বাবে ক্ষতিকাৰক ৷ জনগণৰ স্বাৰ্থক সুৰক্ষিত কৰা প্ৰয়োজনত সেয়েহে আজিৰ ৰাজনীতিৰ পট পৰিবৰ্তনৰ আৱশ্যকতা আছে ৷ ৰাজনীতি এনেকুৱা হ’ব লাগে,যিয়ে জনগণৰ স্বাৰ্থকহে প্ৰথমে প্ৰাধান্যতা দিয়ে ৷ জনতাৰ প্ৰয়োজনীয়তাইহে ৰাজনীতিৰ বুনিয়াদ নিৰ্মাণ কৰা উচিত ৷ নেতা বা প্ৰতিনিধি জনতাই নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে নহয়,সমগ্ৰ ৰাজ্যৰ বৃহৎ স্বাৰ্থৰ কথা ভাবিহে নিৰ্বাচিত কৰিব লাগে ৷ জনতাই আবেগেৰে নহয়,বিবেকেৰেহে প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰিব লাগে ৷ সুধাকণ্ঠই গাইছিল—
“ৰাইজ যদি ৰজা হয় নৃপতিনো কোন
দেশখন বেচোতা এই বদনটিনো কোন”
সেয়েহে বদনৰ হাতত পৰি যেন আই অসমী বিক্ৰী যাব লগীয়া নহয়,তাৰ বাবে জনগণ সজাগ হোৱাৰ সময় সমাগত ৷
সুধাকণ্ঠই তাহানিতে কৈছিল— “ৰাইজ সিংহক শৃংখল শৃগালে সদা কৰে ভয়…” কিন্তু এই বাক্যটো প্ৰত্যেক পুৰুষ-নাৰীয়ে হৃদয়ংগম কৰিব পৰাটোহে আচল কথা ,তেতিয়াহে গণতান্ত্ৰিক দেশত নিজৰ অস্তিত্ব আৰু ক্ষমতাৰ কথা প্ৰতিজন সু-নাগৰিকে বুজি উঠিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here