কোভিডক পৰাজিত কৰিলে ৯০ বছৰীয়া বৃদ্ধাই…

    0
    1275

    ডিজিটেল সংবাদ, নলবাৰী : নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালৰ পৰা আজি ৯০ বছৰীয়া এগৰাকী মহিলা সুস্থ হৈ ঘৰলৈ উভতিছে। তেওঁ হৈছে বিশিষ্ট সমাজকৰ্মী ক্ষীৰোদা বুজৰবৰুৱা। তেওঁ ক’ভিডমুক্ত হৈ সোমবাৰে ঘৰমুৱা হয়।

    যোৱা দুই অক্টোবৰৰ পৰা তেওঁ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল। হাস্পতালত পোৱা চিকিৎসা সেৱাৰ বাবে বিশিষ্ট সমাজসেৱীগৰাকীয়ে স্বাস্থ্য বিভাগকে ধৰি প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ শলাগ লয়। উল্লেখনীয় যে ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পৰা ক’ভিডমুক্ত হৈ আজি পৰ্যন্ত ঘৰলৈ যোৱাসকলৰ ভিতৰত ক্ষীৰোদা বুজৰবৰুৱাই আটাইতকৈ বয়সীয়া ব্যক্তি।।