আৰক্ষীৰ কৰ্তব্যৰ নমুনা, নিজে থুতৰিত মাস্ক লগাই মাস্কৰ ফাইন কাটিছে আৰক্ষীয়ে।

    0
    66

    ষ্টাফ ৰিপৰ্টাৰ, 24 এপ্ৰিলঃ হোজাই জিলাৰ আৰক্ষীয়ে মাস্ক নথকা ব্যক্তিৰ পৰা অতি দক্ষতাৰে ফাইন সংগ্ৰহ কৰি আছে, কিন্তু আৰক্ষীয়ে নিজে মাস্ক পৰিধান নকৰে। মোৰাজাৰ থানাৰ অন্তৰ্গত হাতীখালী গাওঁৰ আজমা নগৰ তিনিআলীত আজি আৰক্ষী উপস্থিত হৈ মাস্ক নথকা মানুহৰ পৰা ফাইন সংগ্ৰহ কৰে। কিন্তু ফাইন কাটি থকা টি, গগৈ নামৰ বিষয়াজনৰ মুখৰ মাস্কখন থুতৰিত আছিল। এইবিষয়ে ৰাইজে প্ৰশ্ন কৰাত হতভম্ব হৈ পৰা বিষয়াজনে লগে লগে মাস্কখন ঠিক কৰি লয়। কিন্তু ইতিমধ্যে কেমেৰাত বন্দী হল দৃশ্যটো। এতিয়া প্ৰশ্ন হয় যে আৰক্ষীয়ে থুতৰিত মাস্ক লগালে অপৰাধ নহয় নেকি? আইন ভংগ কৰা আৰক্ষীজনক কোনে ফাইন কৰিব? তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here