অসম সীমান্ত নাগালেণ্ড ৰাজৰ মন জিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সেনাৰ গুলিত নিহত ১৩ জন

139

অসম সীমান্ত নাগালেণ্ড ৰাজৰ মন জিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সেনাৰ গুলিত নিহত ১৩ জন

দুৰ্নীতিৰ দৰ্পণ সেৱা,মনজিৎ গগৈ , গুৱাহাটী, ৫ ডিচেম্বৰঃ অসম সীমান্ত নাগালেণ্ড ৰাজৰ মন জিলা জিলাৰ টিজিত আৰক্ষী থানাৰ অন্তৰ্গত তিৰু আৰু অ’টিং বস্তিৰ সীমাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে , সেনাৰ পেৰা ৰেজিমেন্টৰ তহলদাৰী এটা দলে তিনিজন নগা লোকক উগ্ৰপন্থীৰ সন্দেহত ৰ’বলৈ কয় , কিন্তু লোক কেইজনে পলাবলৈ লোৱাত সেনাৰ দলটোৱে নগা লোক তিনিজনলৈ লক্ষ্য কৰি গুলি চালনা কৰে । ইয়াৰ পাছতে নিৰিহ তিনি যুৱক মৃত্যুৰ প্ৰতিবাদ জনাই সেনা বাহিনীৰ দুখন বাহনত অগ্নি সংযোগ কৰি সেনাৰ দলটোৰ ওপৰত দা-লাঠি-খাজা বন্দুকেৰে আক্ৰমণ কৰে । ইতিমধ্যে নাগালেণ্ডত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ১৩ জনকৈ নিৰিহ নগা লোকৰ । আনহাতে , ঘটনাত ১০ জনৰো অধিক সেনাৰ জোৱান আহত হয় । ইয়াৰে ৭ জন সেনাৰ জোৱানক চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে দিনজান সেনা চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।