কলেজ অৱ এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ বৃহৎ সাফল্য

82

এয়াৰ ইণ্ডিয়াৰ পৰা পোনপটীয়াকৈ ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰিব কলেজ অৱ এৰ’নটিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীয়ে 

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৬ আগষ্ট : অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ অনুমোদনপ্ৰাপ্ত সমগ্ৰ পূৱ ভাৰতৰ ভিতৰত একমাত্ৰ মহাবিদ্যালয় হৈছে কলেজ অৱ এৰ’নটিকেল ইঞ্জিনীয়াৰিং চমুকৈ চি.এ.ই। শিক্ষানুষ্ঠানখনে ২০০৯ চনৰ ৮ জুনৰ পৰাই ছাত্ৰ-ছাত্ৰীক এয়াৰক্ৰাফট মেইণ্টেনচ ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ পাঠদান কৰাৰ বাবে অনুমোদন লাভ কৰিছিল। শিক্ষানুষ্ঠানখনে এইবেলি শিক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নতুন নিয়মাৱলী কাৰ ১৪৭(বেচিক)ৰ অনুমোদনো ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে এই মহাবিদ্যালয়খনে । এই নতুন নিয়মাৱলী আন্তৰ্জাতিক বিমান পৰিবহন সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত । এখন মহাবিদ্যালয় কাৰ ১৪৭ (বেছিক) অনুমোদিত মানে মহাবিদ্যালয়খনে ব্যৱহাৰিক শিক্ষাৰ বাবে বৃহৎ উৰাজাহাজ সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব লাগে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগিব । এতিয়া ছাত্ৰ-ছাত্ৰীসকলে এয়াৰ ইণ্ডিয়াৰ পৰা পোনপটীয়াকৈ ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ উৰাজাহাজবোৰত কাম কৰি অভিজ্ঞ হ’ব পাৰিব ।অসমৰ দৰে ৰাজ্যত এনেকুৱা উচ্চ মানৰ পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়োৱাটো বৰ কঠিন, য’ত কোনো ধৰণৰ উৰাজাহাজৰ তত্বাৱধানৰ বাবে অনুমোদিত সংস্থা নাই । কিন্তু চি.এ.ইয়ে অতি কষ্টৰে অসমৰ পিছপৰা বিমান উদ্যোগৰ উত্থানৰ বাবে যোৱা ৩ বছৰে অহৰহ চেষ্টা কৰি এই অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে । কাৰ ১৪৭ (বেছিক)ৰ অনুমোদন লাভ কৰা ভাৰতৰ কেইখনমান মহাবিদ্যালয়ৰ ভিতৰত কলেজ অৱ এৰ’নটিকেল ইঞ্জিনীয়াৰিং অন্যতম । কলেজ অৱ এৰ’নটিকেল ইঞ্জিনীয়াৰিং আন মহাবিদ্যালয়তকৈ ব্যতিক্ৰম, কাৰণ ইয়াত অসমৰ দুখীয়া ল’ৰা-ছোৱালীৰ আৰ্থিক দিশটোৰ ওপৰত লক্ষ্য কৰি ভাৰত চৰকাৰৰ এয়াৰ ক্ৰাফট মেইণ্টেইনছ ইঞ্জিনিয়াৰং পাঠ্যক্ৰমৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদিত এৰ’নটিকছ বিষয়ৰ স্নাতক এই দুয়োটা পাঠ্যক্ৰম কম খৰছতে অধ্যয়নৰ সুবিধা প্ৰদান কৰা হয় । ইয়াৰ পৰা উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিমান উদ্যোগ যেনে এয়াৰ ইণ্ডিয়া, এয়াৰ এছিয়া, ভিষ্তাৰা, ইণ্ডিগ’, স্পাইছ, জেঁট, এয়াৰ ৱৰ্কছ আদিত সংস্থাপন লাভ কৰে আৰু এয়া মহাবিদ্যালয়খনৰ কাৰণে গৌৰৱৰ কথা । উল্লেখ্য যে, বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ এএমচি পাঠ্যক্ৰম আৰু চিএইৰ এএমইৰ পাঠ্যক্ৰম ১০০ শতাংশই একে ।