কয়াকুছি প্ৰেছ এছোছিয়েশ্বনৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

129

কয়াকুছি প্ৰেছ এছোছিয়েশ্বনৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,১৫ আগষ্টঃআজি বৰপেটা জিলাৰ কয়াকুছি প্ৰেছ এছোছিয়েছনৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।শ্বৰীফুল ইছলামৰ পৰিচালনাত পূৱা ৭:৩০ বজাত ছাফাই কাম আৰু এছোছিয়েশ্বনৰ সভাপতি আহাম্মদ আলীয়ে ৮ বজাত পতাকা উত্তোলন কৰে।৮:৩০ বজাত শ্বহীদ তৰ্পণ, ৯ বজাত বৃক্ষৰোপন আৰু ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি ১ বজাত আহম্মদ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম গণ পৰিষদৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয় আৰু বিশিষ্ট অতিথি হিচাপে বি কে ওৱাহেদ আলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নন্দলাল সৰকাৰে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম, জনকল্যাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ আবুল পাশান দেৱান আৰু কয়াকুছি প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি নজৰুল ইছলামে উপস্থিত থাকে ।