গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ বিক্ষোভ

126
গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ বিক্ষোভ
 দুৰ্নীতিৰ দৰ্পণ সেৱা,বিনোদ কুমাৰ নাথ ,গোলাঘাট , ২৫ আগষ্ট : বিভিন্ন সমস্যাৰে জৰ্জৰিত গোলাঘাট জিলাৰ লগতে নগৰখনো ৷ যোৱা দীৰ্ঘদিন ধৰি গোলাঘাট বাসী ৰাইজে ভূগি আহিছে বিভিন্ন সমস্যা ৷ বিশেষকৈ গোলাঘাটৰে  এগৰাকী বিধায়িকা বৃত্তমন্ত্ৰী হিচাপে কেবিনেটত থকাৰ পিছতো যদি গোলাঘাট বাসীয়ে ইমান দুৰ্ভোগ আৰু কষ্ট সহিব লগা হয় কেনেকৈ হ’ব ৷ সেয়ে আজি গোলাঘাটৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ l জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখতে সাব্যস্ত কৰে উক্ত প্ৰতিবাদ l তেওঁলোকৰ মতে , গোলাঘাটত এজাক বৰষুণ দিলেই বানপানীৰ লগতে জিলাখনত যান – জোটক ধৰি ড্ৰাগচ  তথা ভাং আদিৰ লগতে  বিভিন্ন  সমস্যাই গোলাঘাট জিলাখনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে l উক্ত সমস্যা সমূহ সমাধানৰ দাবীত আজি জিলা আঞ্চলিক  ছাত্ৰ সন্থাই গোলাঘাট নগৰ স্থিত জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে l লগতে , বান পানী সমস্যা দূৰ কৰক , গোলাঘাট জিলাৰ আন্তগাঠনি উন্নীত কৰণ কৰক , খুৱা পানী সমস্যা সমাধান কৰক আদি বিভিন্ন শ্ল’ গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l যদি শীঘ্ৰে চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় , তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা অভিৱৰ্তন গোস্বামীৰ লগতে ছাত্ৰ সন্থাৰ আন আন বিষয়ববীয়া সকলে বুলি জানিব পৰা যায় ৷