জল জীৱন মিছনৰ পানী যোগান আঁচনি ৰ শুভ উদ্ধোধন অনুষ্ঠানত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ফনণীধৰ তালুকদাৰ

283
জল জীৱন মিছনৰ পানী যোগান আঁচনি ৰ শুভ উদ্ধোধন অনুষ্ঠানত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ফনণীধৰ তালুকদাৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ৭ আগষ্টঃ আজি ০৭ আগষ্ট , ২০২১ ইং তাৰিখ শনিবাৰে বজালী জিলাৰ ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ফণীধৰ তালুকদাৰ দেৱে সমষ্টিটোৰ অন্তৰ্গত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দ্বাৰা জল জীবন মিছনৰ অধীনত নিৰ্মিত ৬ খন পানী যোগান আঁচনি ক্ৰমে কৰাগড়ী পথাৰ , গলিয়া , সৰুপেটা , বাংটি , হাঠিনাপুৰ আৰু পূৰণ ভৱানীপুৰ পানী যোগান আঁচনিৰ পৰা নলযোগে ঘৰে ঘৰে পানী যোগানৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বজালী জিলাৰ সহকাৰী আয়ুক্ত আয়াজ তনবিৰ আলম , সৰুপেটাৰ সংলগ্ন চক্ৰ বিষয়া জোনালী ৰাভা , ভৱানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু , গলিয়া গাওঁ পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম , বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্ত,পাঠশালা জনস্বাস্থ্য কাৰিকৰী উপ-সংমণ্ডলৰ সহঃ কাৰ্যবাহী অভিযন্তা নিতুল তালুকদাৰ ।