জ্ঞান অংকুৰ প্ৰডাকচন কাম্ ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

322
জ্ঞান অংকুৰ প্ৰডাকচন কাম্ ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
জমিৰউদ্দিন তালুকদাৰ, ডবকা , ৭ আগষ্টঃ ডবকা চহৰৰ প্ৰতিষ্ঠিত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ জ্ঞান অংকুৰ প্ৰডাকচন কাম্ ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এখন সভাৰ আয়োজন কৰা হয় ৷ ডবকাৰ ডঃ বি আৰ আম্বেদকাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল জলিল পাটোৱাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বৃহত্তৰ ডবকা অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, গামোছা আৰু একোটাকৈ কলমেৰে সম্বৰ্ধনা জনোৱা হয় ৷ সভাখনত ছাত্ৰী-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে ডবকাৰ ডি চি এল জুনিয়ৰ কলেজৰ অধ্যক্ষ জিতুল লস্কৰ, গুৰুকুল জুনিয়ৰ কলেজৰ শিক্ষক ফাৰুক আহমেদ, শিবানী মজুমদাৰ আৰু সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে ৷ সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লয় জ্ঞান অংকুৰ প্ৰডাকচন কাম্ ট্ৰেইনিং চেন্টাৰৰ পৰিচালন সঞ্চালিকা শিবানী মজুমদাৰে ৷ বদৰুল ইছলাম নামৰ এগৰাকী ছাত্ৰই আঁত ধৰা সভাখনত দুগৰাকী ছাত্ৰীয়ে নিজৰ অনুভৱো ব্যক্ত কৰে ৷