টংলাত নিত্য ব্যবহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত মানৱ শৃংখল

89

টংলাত নিত্য ব্যবহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত মানৱ শৃংখল

দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা , কৌস্তভমনি শৰ্মা , ১৪ ছেপ্টেম্বৰঃ দৈনন্দিন জীৱনত ব্যবহৃত সামগ্ৰীৰ দ্ৰুত গতিত মূল্য বৃদ্ধিক লৈ অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ । বিভিন্ন অঞ্চল মূল্য বৃদ্ধিৰ প্ৰতিবাদত উত্তাল হোৱাৰ সমান্তৰাল কৈ টংলা আঞ্চলিক ছাত্ৰ সন্থা আৰু টংলা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি টংলা চহৰৰ মাজ মজিয়াত নিতৌ ব্যবহৃত সামগ্ৰী মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ প্ৰতিবাদত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰ হায় হায় , ৰনজিৎ দাস মূৰ্দাবাদ , মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে টংলা চহৰৰ আকাশ বতাহ কপাই তোলে । প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই অংশগ্ৰহণ কৰি প্ৰতিবাদী কণ্ঠৰে শাসকীয় চৰকাৰ খনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰিবলৈ দাবী জনায় । কভিডৰ পৰিস্থিতিৰ বাবে সাধাৰণ ৰাইজৰ উপাৰ্জনৰ পথ স্তব্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ তথা যোগান বিভাগে নিতৌ ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাটো সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি লব নোৱাৰে । সৰ্বসাধাৰণ ৰাইজক বিনামূলীয়া চাউল প্ৰদান কৰি অন্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি যোগান বিভাগে যি হঠকাৰী সিদ্ধান্ত লৈছে , চৰকাৰে শীঘ্ৰে ব্যৱস্থা নললে ইয়াৰ প্ৰত্যুত্তৰত গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হম বুলি ব্যক্ত কৰে টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই । টংলা জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰণৰ বাবে বিটিচি চৰকাৰে লোৱা সিদ্ধান্তক ডেকাই কটাক্ষ কৰি কয় , টংলাত নতুন আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে বিটিচি চৰকাৰে টংলাস্থিত টংলা জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰণ কৰা সিদ্ধান্তক টংলা আঞ্চলিক ছাত্র সন্থা , টংলা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা টংলাৰ ৰাইজে কেতিয়াও মানি নলয় । আনফালে ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি নীলয় চলিহাই মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা যোগান বিভাগৰ মন্ত্ৰী ৰনজিৎ দাসক অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰিবলৈ দাবী জনায় । যদি মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে ৰনজিৎ দাসে পদ ত্যাগ কৰক আৰু অতি শীঘ্ৰে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হম । উক্ত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ সভাপতি ডঃ হৰিৰাম দাস , ওদালগুৰি জিলা সমিতি কোচ ৰাজবংশী ছাত্র সন্থা(পশ্চিম)ৰ সভাপতি হেমন্ত বৰা কোচ , টংলা আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰিংকু ডেকা আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ কৰ্মকৰ্তা তথা টংলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা সকল অংশগ্ৰহণ কৰে ।