ডবকাৰ ভেদৌআটিত জল জীৱন মিছন আঁচনিৰ উদ্বোধন

150

দুৰ্নীতিৰ দৰ্পণ সেৱা, হবিবুৰ ৰহমান,০২ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন আঁচনি খন হোজাই জিলাৰ তিনিটা সমষ্টিত কৰা শুভ উদ্বোধন কৰা হয় । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হোজাই সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ সমষ্টিৰ অন্তৰ্গত  ভেদৌআটিত যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলে জনস্বাস্থ্য পানী যোগান আঁচনি খন উদ্বোধন কৰে ৷ উক্ত আঁচনিৰ জৰিয়তে সেই অঞ্চলৰ বহুদিনীয়া বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ পৰা ৰাইজে পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব আৰু ৰাইজে বিশুদ্ধ খোৱাপানীৰ যোগান লাভ কৰি স্বাস্থ্যকৰ জীৱন-যাপন কৰিব পাৰিব বুলি মন্তব্য কৰে বিধায়ক চিৰাজ উদ্দিন আজমলে ৷ ইফালে , হোজাইৰ উত্তৰ গোলাঘাটীয়া বস্তি আৰু লামডিংৰ পুৰণি কাকীৰ জলজীৱন পানী যোগান আঁচনিখন উদ্বোধন কৰা হয়।বিভাগীয় বিষয়া বিকাশ কলিতা , অভিযন্তা অমলচন্দ্ৰ ভাগৱতীৰ উপস্থিতিত স্থানীয় বিজেপি বিধায়ক শিবু মিশ্ৰই ৰাইজৰ বাবে শুভ উদ্বোধন কৰি আঁচনিখনৰ জৰিয়তে বৃহত্তৰ গাঁওবাসীয়ে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী লাভ কৰিব বুলি মন্তব্য কৰে । লগতে হোজাই সমষ্টিৰ উত্তৰ গোলাঘাটীয়া বস্তিৰ আঁচনিখন বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু উপায়ুক্ত সাদনেক সিঙে উদ্বোধন কৰে । লগতে জিলাখনত জলজীৱন আঁচনিৰ জৰিয়তে ২১ হাজাৰ ঘৰত পানী যোগান ধৰাৰ লক্ষ্য আছিল ৷ ইয়াৰ ভিতৰত ৩৩ শতাংশ সম্পূৰ্ণ কৰা হৈছে ৷ সেই মতে , সমগ্ৰ অসমৰ ভিতৰত হোজাই জিলাই দ্বিতীয় স্থান দখল কৰি আছে যদিও আগন্তক দিনত প্ৰথম স্থান দখল কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি হোজাইৰ উপায়ুক্ত ডাঃ চাদনেক সিঙে মন্তব্য কৰে ।