ডিগবৈত বীৰ লাচিত সেনাৰ দ্বাৰা নন্দিতা শইকীয়াৰ হত্যাকাৰীক ফাঁচীৰ দাবীত শান্তি সমদল

97

ডিগবৈত বীৰ লাচিত সেনাৰ দ্বাৰা নন্দিতা শইকীয়াৰ হত্যাকাৰীক ফাঁচীৰ দাবীত শান্তি সমদল

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ৩১ আগষ্টঃ-ধেমাজী মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক মৰিঢল মহাবিদ্যালয়ৰতে কৰ্মৰত ৰিন্টু শৰ্মায়ে বৰ্বৰতাৰে চোকা অস্ত্ৰৰে কৰা প্ৰহাৰত নিয়তিৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰাত ৰাজ্য সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ নন্দিতা শৰ্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰি আজি ডিগবৈ আঞ্চলিক বীৰ লাচিত সেনাই এক শান্তি সমদল কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত বীৰ লাচিত সেনাৰ প্ৰায় এক শতাধিক সদস্য সদস্যই অংশগ্ৰহণ কৰে৷ডিগবৈ যশোদা হ’ল তিনিআলিৰ পৰা আৰম্ভ কৰি ডিগবৈ চাৰিআলি হৈ ডিগবৈ পেট্ৰল পাম্পত কাৰ্যসূচী অন্ত কৰে ৷ শান্তি সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা বীৰ লাচিত সেনাৰ সদস্যসকলে নন্দিতা শইকীয়া অমৰ হওঁক , ৰন্টু শৰ্মাক ফাঁচী দিয়ক ইত্যাদি শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি ডিগবৈ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি আক্ৰমণকাৰী ৰিন্টু শৰ্মাক ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে ফাঁচী প্ৰদান কৰিবলৈ দাবী জনায় ৷ লগতে অইনৰ কোনো সুৰুঙাৰে যাতে হত্যাকাৰী মুন্টু শৰ্মা হাত সাৰি যাব নোৱাৰে , তাৰ প্ৰতি কঠোৰ হবলৈ দাবী জনায় দল সংগঠনৰ বিষয়ববীয়াই ৷