নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ

140

নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ

দুৰ্নীতিৰ দৰ্পণ ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ–শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালে জিলাখনৰ নাজিৰা মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে। তেওঁ চেংধৰাত উজনি নামচাইলৈ যোৱা পথৰ ভগ্ন অংশ লোকনিৰ্মাণ (পথ) বিভাগৰ সহযোগত মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ স্থানীয় গ্ৰাম্য পথ চৰকাৰী আঁচনিৰ আওতালৈ আনি পেভাৰ ব্লকেৰে নিৰ্মান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপক পৰামৰ্শ দিয়ে। লগতে তেওঁ স্থানীয় ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়াৰ বিষয়েও আলোচনা কৰে। এই অঞ্চলত তেওঁ সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে উপায়ুক্ত মেঘ নিধি দাহালে তেওঁৰ পৰিদৰ্শন কালত গেলেকীৰ কমলাবাৰী শিশু উদ্যানৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰে।