পাকাবেতবাৰী জাগৰণ জাতীয় বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

68

পাকাবেতবাৰী জাগৰণ জাতীয় বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ৫ ছেপ্টেম্বৰঃ সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে বৰপেটা জিলাৰ পাকাবেতবাৰী জাগৰণ জাতীয় বিদ্যালয়তো আজি শিক্ষক দিৱস উদযাপন কৰা হয় । তদুপলক্ষে বিদ্যালয়খনৰ ছাত্র একতা সভাৰ সভাপতি হান্নান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে ছালমা আকতাৰে । এই অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ আব্দুল কদ্দুছ শিকদাৰ,বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ক্ৰমে মহিৰুদ্দিন আহমেদ,সাহাদত হুছেইন,আব্দুৰ ৰৌফ,প্ৰাক্তন অধ্যক্ষ পুলিন চন্দ্ৰ ৰায়,বি কে নিত্যানন্দ-ওৱাহেদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক জাহাঙ্গীৰ আলম,বিদ্যালয়খনৰ অধ্যক্ষ আহাম্মদ খান,শিক্ষক মফিদুল ইছলাম আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শিক্ষক দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বিষদভাৱে বক্তব্য দাঙি ধৰাৰ লগতে কেইবাজনো ছাত্র-ছাত্রীয়েও কবিতা আবৃতি,সংগীত,ভাষণ আদিৰ মাজেৰে শিক্ষক দিৱসৰ তাৎপৰ্য দাঙি ধৰে । তদুপৰি উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত ক্ৰমে মন্দিয়া হাইস্কুলৰ সহ: শিক্ষক আলহাজ আলকাচ আলী মিৰ্দা,কয়াকুছি এমই স্কুলৰ প্ৰধান শিক্ষক সনাতন মণ্ডল,দক্ষিণ ভুলুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ লাল মাহমুদ জামাদাৰ,দক্ষিন ভুলুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰসৰাজ সৰকাৰ,কেওঁটপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলহাজ আহমেদ আলী, বি কে নিত্যানন্দ এমই স্কুলৰ শিক্ষকদ্বয় ক্ৰমে প্ৰধান শিক্ষক প্ৰিয় নাথ ৰায় আৰু সহ:শিক্ষক আলী আমজাদ খান, বি কে নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ সহ: শিক্ষক আব্দুল মান্নান চৌধুৰী আৰু আহাম্মদ খান, দঙৰকুছি যদুনাথ প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষক শশী মোহন ৰায় আদি কৰি স্থানীয় কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক একোখনকৈ গামোছা আৰু মানপত্রৰে সম্বৰ্ধনা জনোৱা হয় ।