পৃথক স্বায়ত্ব পৰিষদৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

93
পৃথক স্বায়ত্ব পৰিষদৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৫ আগষ্ট : অনুসূচিত জাতিৰ বাবে উপগ্ৰহীয় ভিত্তিত পৃথক স্বায়ত্ব শাসনৰ দাবী আজি কেন্দ্ৰীয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নিদেৰ্শ মৰ্মে মৰিগাঁও অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জিতুমণি দাস আৰু সম্পাদক দিপেন দাসৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । আজি জিলা উপায়ুক্তক স্মাৰক পত্ৰ দাখিলৰ সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিতু কাকতিৰ লগতে মৰিগাঁও জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া তথা সদস্য উপস্থিত থাকে ।