বাঘমাৰাচৰ যুৱ সংঘৰ মুকলি সভাত লেখিক শিখা শৰ্মাৰ বিস্ফোৰক মন্তব্য

55

বাঘমাৰাচৰ যুৱ সংঘৰ মুকলি সভাত লেখিক শিখা শৰ্মাৰ বিস্ফোৰক মন্তব্য

দুৰ্নীতিৰ দৰ্পণ সেৱা,নগৰবেৰা , ২৬ নবেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৩ নং বাঘমাৰা চৰত বুধবাৰে ‘বাঘমাৰাচৰ যুৱ সংঘ’ৰ মুকলি ও বটা বিতৰণী সভা অনুষ্ঠিত হয় । বাঘমাৰাচৰ যুৱ সংঘৰ সভাপতি বাহাৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢায় অৱসৰপ্ৰাপ্ত শিক্ষক সমতুল্লা চৌধুৰী । উক্ত মুকলি ও বটা বিতৰণী সভাত মূখ্য অতিথি হিচাপে লেখিকা শিখা শৰ্মা উপস্থিত থাকি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে , হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী , অসমত এজনো বিদেশী নাই বিদেশী বিজেপিৰ এটা মনে সজা ইচ্ছ্যু । নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই মুখ্যমন্ত্ৰীয়ে ধলপুৰৰ প্ৰকৃত ভাৰতীয়ক উচ্ছেদ কৰিছে বুলি লেখিকা গৰাকীয়ে মন্তব্য কৰে লগতে ধলপুৰত উচ্ছেদিতক পুনৰ সংস্থাপন দিয়া কাৰ্যক আদৰণিও জনায় । চৰাঞ্চলত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বসবাস কৰাৰ বাবেই উচ্ছেদ কৰিছে বুলি কয় যদি সেয়াই নহয় , তেন্তে কামাখ্যাৰ চৰকাৰী ভূমি হিন্দু লোকে বেদখল কৰি আছে , তাত কিয় কামাখ্যাৰ ভূমি বেদখলকাৰীক উচ্ছেদ কৰা নাই বিজেপি চৰকাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে লেখিকা গৰাকীয়ে । ইয়াৰ উপৰিওঁ চৰকাৰে উচ্ছেদ কৰাৰ পোষকতা কৰাৰ লগতে উচ্ছেদৰ আগতে উচ্ছেদিতক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ লেখিকা শিখা শৰ্মাই আহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসমত হিন্দু-মুছলমান লৈ একাংশই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰি আছে , সেই ক্ষেত্ৰত নিজকে হিন্দু বুলি কবলৈ লাজ পায় লেখিকা শিখা শৰ্মাই । কিয়নো , প্ৰকৃত হিন্দুয়ে কেতিয়াও হিংসা নকৰে আৰু হিংসা কৰিবলৈ নিশিকায় বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । আনহাতে , বাঘমাৰাচৰ যুৱ সংঘৰ মুকলি ও বটা বিতৰণী সভাত বাঘমাৰা জুনিয়ৰ কলেজৰ অধ্যক্ষ তাইজুদ্দিন সৰকাৰ , প্ৰৱক্তা আবুশ্বামা আহমেদ , প্ৰৱক্তা আব্দুল ওৱাহাব চৌধুৰী , পঞ্চায়ত সভানেত্ৰী আকলিমা খাতুনৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।