বীৰ লাচিত সেনা অসমৰ মাণিকপুৰ আঞ্চলিক সমিতি গঠন

78

বীৰ লাচিত সেনা অসমৰ মাণিকপুৰ আঞ্চলিক সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা,মাণিকপুৰ,৩১ আগষ্টঃ বীৰ লাচিত সেনা অসমৰ সাংগঠিনক ভেটি মজবুত কৰাৰ উদ্দেশ্যেৰে নামনি অসমৰ জিলাই জিলাই সমিতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । মঙ্গলবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰত বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিক সমিতি গঠন কৰা হয় । ৰাতিপুৱা ১১ বজাত মাণিকপুৰ গাওঁ পঞ্চায়তৰ সভাগৃহত গোপাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিতেন্দ্ৰ কলিতাক সভাপতি আৰু ছফিৰুদ্দিন আহমেদক সাধাৰণ সম্পাদক লৈ ৪১ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় । সভাখনত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নামনি অসমৰ সমন্বয়ক কল্যাণ ভাগবতী,মধ্য অসমৰ সমন্বয়ক প্ৰকাশ বৰুৱা আৰু শুভাকাংক্ষী ধৃতিৰাজ শৰ্মা । গঠন হোৱা সমিতি খনক কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিয়ে শপতবাক্য পাঠ কৰোৱাৰ লগতে সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বিষয়ে বিতংকৈ বক্তব্য আগবঢ়ায় । নতুনকৈ গঠিত সমিতি খনক সংগঠনটোৰ নিতি আদৰ্শৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ বাবে মাত মাতি যাবলৈ পৰামৰ্শ আগবঢ়ায় । আনহাতে , আজিৰ সভাত মাণিকপুৰৰ বহুকেইগৰাকী প্ৰাক্তন আছু কৰ্মী আৰু গৰিয়া মৰিয়াৰ এজন প্ৰাক্তন কৰ্মীয়ে বীৰ লাচিত সেনাত যোগদান কৰে ।