বৰপেটাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰি আদৰ্শ বিদ্যালয় উপায়ুক্তৰ পৰিদৰ্শন , অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি

297

বৰপেটাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰি আদৰ্শ বিদ্যালয় উপায়ুক্তৰ পৰিদৰ্শন , অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ২৯ আগষ্ট : সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে । আজি দেওবৰীয়া বন্ধৰ দিনটোত উক্ত বিদ্যালয় দুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে সকলো সমস্যাৰ বুজ লৈ বিভাগীয় বিষয়াক এই নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে,বৰপেটা জিলাত স্থাপন কৰিবলৈ লোৱা সাতখন আদৰ্শ বিদ্যালয়ৰ ভিতৰত পাঁচখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ইয়াত পাঠদানো সূচাৰুৰূপে চলি আছে । কিন্তু ২০১৩-১৪ চনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা গোমাফুলবাৰী আৰু গোমাৰীগুৰিৰ বিদ্যালয় দুখনৰ কাম বিভিন্ন সমস্যাৰ বাবে আজিকোপতি সম্পূৰ্ণ কৰিব পৰা হোৱা নাই ৷ লোকনিৰ্মান গৃহ বিভাগৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা প্ৰকল্পটোৰ কাম ২০১৬-১৭ ৰ পৰাই বিভিন্ন কাৰকৰ বাবে স্হগিত হৈ আছে ৷ এই বিষয়ে অৱগত হৈ অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি প্ৰদান কৰে ।