বৰপেটাৰ পশ্চিম হাউলী গাওঁ পঞ্চায়তত নাগৰিক চনদ উপলক্ষে গাঁও সভা সম্পন্ন 

100

বৰপেটাৰ পশ্চিম হাউলী গাওঁ পঞ্চায়তত নাগৰিক চনদ উপলক্ষে গাঁও সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ৭ আগষ্টঃ বৰপেটা জিলাৰ গোবৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯৬ নং পশ্চিম হাউলী গাঁও পঞ্চায়তৰ এখন গাঁও সভা ৫ আগষ্টত অনুষ্ঠিত হৈ যায় । সম্প্ৰতি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ঘোষণা কৰা ‘সেৱাই পঞ্চায়ত’ৰ লগত সংগতি ৰাখি আদৰ্শ চনদ সন্দৰ্ভত অনুষ্ঠিত বিশেষ গাঁও সভাখনত সভাপতিত্ব কৰে স্থানীয় পঞ্চায়ত খনৰ সভানেত্রী ৰাশিদা খাতুনে । গাঁও পঞ্চায়তখনৰ সচিব হৰি প্ৰসাদ পালে উদ্দেশ্য বাখ্যা কৰা গাঁও সভাখনত অনুষ্ঠিত কৰা বিষয়ৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ঘোষণা কৰা ‘সেৱাই পঞ্চায়ত’ৰ লগত সংগতি ৰাখি ঘোষণা কৰা আদৰ্শ চনদ সন্দৰ্ভত পঞ্চায়তৰ কাৰ্য, গাঁওবাসীয়ে লাভ কৰিবলগীয়া সুবিধা আদি সম্পৰ্কত বাখ্যা আগবঢ়ায় ৷ সভা খনত গোবৰ্ধনা উন্নয়ন খণ্ডৰ মডেল বিষয়া কিশোৰী কলিতা (ই. ও/এফ), ডি আই এছ চি চিৰ ই ও ৰাধিকা মোহন দাস আদি কৰি বিভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে ৷