মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাতঃভ্ৰমণলৈ যোৱা অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

60

মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাতঃভ্ৰমণলৈ যোৱা অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ, ৭অক্টোবৰঃ বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱাতে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ভাটিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক টিকেন ৰায়(৭০)ৰ ঘটনাস্থলীতে মৃত্যু হয়।জানিব পৰা মতে প্ৰাতঃভ্ৰমণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাই পথৰে খোজকাঢ়ি গৈ থাকোতে বঙাইগাঁও অভিমুখে গৈ থকা এ এছ ১৭ চি ৩৯১৯ নম্বৰৰ পাচলি কঢ়িওৱা টাটা ইন্ট্ৰা নামৰ চাৰিচকীয়া বাহনে তীব্ৰ বেগে আহি খুন্দিয়াই লৈ যোৱাত ঘটনাস্থলীতে শিক্ষক গৰাকীৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি চাৰিচকীয়া বাহনখনো খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত মৃত্যু হোৱা শিক্ষক গৰাকীয়ে পত্নী, তিনি পুত্ৰ, তিনি বোৱাৰী আৰু নাতি নাতিনী ইহ-সংসাৰত এৰি থৈ যায়। শিক্ষক গৰাকীৰ মৃত্যুত অঞ্চলজুৰি এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে।