মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত হিল্ ভিউ গাওঁৰক্ষী বাহিনীৰ উদ্যোগত চাফাই অভিযান

86

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত হিল্ ভিউ গাওঁৰক্ষী বাহিনীৰ উদ্যোগত চাফাই অভিযান

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ১৪ আগষ্টঃ সমাগত স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ প্ৰাৰ্কক্ষণত মাৰ্ঘেৰিটাত গাওঁৰক্ষী বাহিনীৰ এক আদৰণীয় পদক্ষেপ । তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত হিল্ ভিউ গাওঁৰক্ষী বাহিনীৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত মাৰ্ঘেৰিটাত অলপতে এক শ্ৰমদানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মাৰ্ঘেৰিটা হিল ভিউ গাওঁৰক্ষী বাহিনীৰ তৰফৰ পৰা উত্তৰ মাৰ্ঘেৰিটা শ্মশানত চাফাই অভিযান চলোৱা হয় । শ্মশানখন হাবি জংঘল কাটি পৰিস্কাৰ কৰা হয় । গাওঁৰক্ষী বাহিনীয়ে গ্ৰহণ কৰা এই পদক্ষেপ অতি আদৰণীয় তথা ই গাওঁৰক্ষী বাহিনীৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ এক সুন্দৰ নিদৰ্শন বুলি স্থানীয় ৰাইজে একেমূখে স্বীকাৰ কৰিছে ।