মৰিগাঁৱত মানসিক বিকাৰগ্ৰস্ত যুৱকৰ তাণ্ডৱ , মানসিক বিকাৰগ্ৰস্ত যুৱকৰ আক্ৰমণত আৰক্ষী বিষয়াসহ দুই আহত , উপায়ন্তৰ হৈ আৰক্ষীৰ ৰাবাৰ গুলি নিক্ষেপ , যুৱক জনৰ তাণ্ডৱকলৈ তীব্ৰ চাঞ্চল্য মৰিগাঁৱত

127

মৰিগাঁৱত মানসিক বিকাৰগ্ৰস্ত যুৱকৰ তাণ্ডৱ , মানসিক বিকাৰগ্ৰস্ত যুৱকৰ আক্ৰমণত আৰক্ষী বিষয়াসহ দুই আহত , উপায়ন্তৰ হৈ আৰক্ষীৰ ৰাবাৰ গুলি নিক্ষেপ , যুৱক জনৰ তাণ্ডৱকলৈ তীব্ৰ চাঞ্চল্য মৰিগাঁৱত

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৬ ডিচেম্বৰ : মৰিগাঁৱত এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ মৰিগাঁও আৰক্ষীয়ে ৰাবাৰ গুলি চলাব লগীয়া হোৱা ঘটনাই সমগ্ৰ চহৰখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ বিবৰণী মতে,মৰিগাঁও চহৰৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ সমীপৰ পথাৰত থকা এটা নৱ-নিৰ্মীয়মান ঘৰৰ চাদত উঠি এজন মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱকে লোৰ অস্ত্ৰৰে চাদখন ভাঙিবলৈ চেষ্টা চলায় । ঘৰটোৰ গৰাকীয়ে উক্ত যুৱকজনক এই কাম নকৰিবলৈ বাধা দিয়ে যদিও বিকাৰগ্রস্ত যুৱক জনে বাধা নেওচি চাদ খন ভাঙিবলৈ চেষ্টা চলোৱাৰ লগতে ঘৰটোৰ গৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লয় । লগে লগে ঘৰটোৰ গৰাকীয়ে মৰিগাঁও সদৰ আৰক্ষীক অৱগত কৰাত আৰক্ষী আৰু এছ ডি আৰ এফ , চি আৰ পি এফ জোৱান ঘটনাস্থলিত উপস্থিত হয় । ঘৰটোৰ ওপৰত তাণ্ডৱ লীলা চলাই থকা মানসিক বিকাৰগ্ৰস্ত যুৱকজনক আৰক্ষীৰ দলে চাদৰ পৰা নমাই আনিবলৈ চেষ্টা চলাই যদিও যুৱক জনে আৰক্ষীৰ দলটোক শিল , ইটা আদিয়ে আক্ৰমণ কৰাৰ ফলত মৰিগাঁও সদৰ আৰক্ষী বিষয়া বীৰেণ বৰদলৈ আৰু এছ ডি আৰ এফৰ এজন জোৱান আহত হয় । অৱশেষত আৰক্ষীয়ে উপায়ন্তৰ হৈ ৰাবাৰৰ গুলি নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । ঘৰটোৰ ওচৰত সুবিধাজনক ঠাই নোহোৱাত আৰক্ষীয়ে ৰাবাৰ গুলি চালনা কৰাৰ পিছতো বিফল হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হয় । উল্লেখ্য যে-বিগত বহুদিন ধৰি মানসিক ৰোগত আক্ৰান্ত যুৱক জনে নিজৰ ঘৰৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰাৰ উপৰিও ওচৰৰ প্ৰায়বোৰ ঘৰত অস্ত্ৰ দেখোৱাই তাণ্ডৱ চলাই আহিছিল । নিয়মীয়া ঔষধ সেৱন কৰাৰ ফলত প্ৰথম অৱস্থাত মানসিক ৰোগৰ পৰা পৰিত্ৰাণ পাইছিল যদিও পুনৰ ঔষধ সেৱন নকৰাত যুৱকজনক পুৰণি ৰোগে দেখা দিয়া বুলি জানিব পৰা গৈছে।ইপিনে , আজি এই সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি চহৰখনত তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।