ক’ভিড বিধি উলংঘা কৰি উপাসনা গোলাঘাটৰ একাংশ উপাসনাস্থলিত

125

ক’ভিড বিধি উলংঘা কৰি উপাসনা গোলাঘাটৰ একাংশ উপাসনাস্থলিত

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৯ আগষ্ট : গোলাঘাটত কভিড বিধি উলঙ্ঘন নগৰৰ মাজ মজিয়া স্থিত উপাসনা স্থলীত । উল্লেখযোগ্য যে , আজি প্ৰবিত্ৰ শাওণ মাহৰ উপলক্ষে বিভিন্ন মঠ মন্দিৰত দেখা পোৱা গৈছে যথেষ্ট ভিৰ । গোলাঘাট জিলাত কভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনে জাৰী কৰা নীতি নিৰ্দেশনাক উলঙ্ঘন আজি নগৰৰ মাজ মজিয়া স্থিত পানী তেন্কিৰ কাষৰ উপাসনা স্থলীত । মন্দিৰত প্ৰবেশ কৰা লোকৰ মুখত নাই মাস্ক তথা নাই কোনো সামাজিক দূৰত্ব । আনফালে , মন্দিৰৰ পূজাৰীয়েও পাহৰিলে মাস্ক পৰিধান কৰিবলৈ । এনেদৰেই এতিয়াও গোলাঘাটত সজাগ হোঁৱা নাই একাংশ লোক তথা এইদৰেই ঘটনাসমূহ ঘটি থাকিলে আৰু ক’ভিড বিধি সমূহ আইনৰ কাগজতে সীমাবদ্ধ থাকিলে কেনেকৈ ক’ভিডক জিলাখনে ৰোধ কৰিব পাৰিব তথা এইক্ষেত্ৰত প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত পোষণ কৰে জিলাখনৰ সচেতন মহলে ৷