চ’চিয়েল মেডিয়াৰ বাবেই এতিয়া হাঁহি বিৰিঙিছে দেৰগাঁৱৰ বাতিপৰীয়া আহোম গাঁৱৰ এটা পৰিয়ালৰ মাজত

162

চ’চিয়েল মেডিয়াৰ বাবেই এতিয়া হাঁহি বিৰিঙিছে দেৰগাঁৱৰ বাতিপৰীয়া আহোম গাঁৱৰ এটা পৰিয়ালৰ মাজত

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ৯ আগষ্টঃ চচিয়েল মিডিয়াৰ প্ৰভাৱক বৰ্তমান কোনেও উলাই কৰিব নোৱাৰে । চচিয়েল মিডিয়াৰ বাবেই দেৰগাঁৱৰ এটা ভিতৰুৱা অঞ্চল বাতিপৰীয়া আহোম গাঁৱৰ এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে । প্ৰায় ৫ বছৰৰ পূৰ্বে এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰোতা সুনীল গগৈ নামৰ লোকজন দুজন বন্ধুৰ সৈতে কামৰ সন্ধানত যাত্ৰা কৰিছিল সুদুৰ বাংগালোৰলৈ । কিন্তু ৰেলযাত্ৰাৰ মাজতে বন্ধু দুজনৰ অলক্ষিতেই যাত্ৰাপথৰ মাজৰ পৰাই নিখোঁজ হৈ পৰে লোকজন । দুই বন্ধুৱে বহু বিচাৰিও সন্ধান লাভ নকৰিলে সুনীল গগৈৰ ।অৱশেষত প্ৰায় এমাহৰ পাছত দুই বন্ধু বিফল মনোভাব লৈ ঘুৰি আহিছিল নিজ গৃহলৈ । সেই ঘটনাৰ পাছৰে পৰা দুটাকৈ সন্তান বুকুত বান্ধি বৃদ্ধা শাহুৱেকৰ সৈতে বিগত ৫ বছৰে এক দুৰ্বিষহ জীৱন পাৰ কৰি আহিছিল সুনীল গগৈৰ পত্নীয়ে । বুকুত এটাই আশা লৈ আছিল এদিন ঘুৰি আহিব সুনীল গগৈ । এই দুৰ্ভগীয়া পৰিয়ালটোলৈ অৱশেষত চকু মেলি চালে ভগৱানে । ৰেলযাত্ৰাৰ মাজৰ পৰা নিখোজ হোৱা সুনীল গগৈয়ে হেৰুৱাই পেলাইছিল মানসিক ভাৰসাম্য । লোক জনক উদ্ধাৰ কৰিছিল তেলেঙ্গানাৰ আনাম ফাউণ্ডেচন নামৰ সংস্থাটোৱে । বহু চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা সুনীল গগৈয়ে অৱশেষত দিব পাৰিলে বাতিপৰীয়াৰ ঠিকনা । সেই ঠিকনাসহ লোকজনৰ ফটো বিয়পি পৰিল হোৱাটছএপ ফেচবুকত । গুৱাহাটীৰ এজন লোকে এই ভাইৰেল মেচেজ পাই গুগল মেপত চাৰ্চ কৰি বিচাৰি উলিয়ালে বাতিপৰীয়া অঞ্চলৰ মাজিদুৰ ৰহমান নামৰ এজন যুৱকৰ নম্বৰ । মাজিদুৰে নিজৰ হোৱাটছ আপ ষ্টেটাছ দিয়াৰ পাছতেই বাতিপৰীয়াৰ এজন যুৱকে চিনাক্ত কৰে সুনীল গগৈক । তাৰ পাছতে যুৱকজনৰ সৈতে যোগাযোগৰ ভিত্তিত গুগলৰ যোগেদিয়েই সংযোগ স্থাপন কৰিলে আনাম ফাউণ্ডেচনৰ সৈতে । উক্ত ঘটনাটো চ’চিয়েল মেডিয়াত প্ৰচাৰ হোৱাৰ সমান্তৰালকৈ ৰিটছ টাইমকে আদি কৰি একাংশ সংবাদমাধ্যমত বহুল ভাবে প্ৰচাৰ হোৱাত আনাম ফাউণ্ডেচনৰ চেয়াৰ মেন ড° শ্ৰীনিবাস ৰাওয়ে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে । যোৱা ৮ আগষ্টত সুনীল গগৈ তেলেঙ্গানাৰ আনাম ফাউণ্ডেচনৰ বিষয় ববীয়াই সহযোগত বাতিপৰীয়াৰ ঘৰখনত উপস্থিত হ’ল । বহু দিনৰ মুৰত আপোন ঘৰখনত সুনীল গগৈ উপস্থিত হৈ আপোন মানুহ বিলাকক দেখি আৱেগিক হৈ পৰে । আনাম ফাউণ্ডেচনৰ চেয়াৰ মেন ড°আনাম শ্ৰীনিবাস ৰাওৰ নেতৃত্বত এটা দ’লে সুদুৰ তেলেঙ্গানাৰ পৰা ৩৫০০ কিঃমি দুৰ অতিক্ৰম কৰি এখন এম্বুলেঞ্চে দেৰগাঁৱৰ বাতিপৰীয়াত উপস্থিত হৈ সুনীল গগৈক পৰিয়ালক গতাই দিয়ে । সংগঠনটোৱে সুনীল গগৈৰ মাতৃৰ হাতত নগত ৫০ হাজাৰ টকাৰ লগতে , কিছু খাদ্য-সামগ্ৰীও অৰ্পণ কৰে । চিনেমা চিনেমা লগা চ’চিয়েল মেডিয়াৰ এই ইতিবাচক প্ৰভাৱে এতিয়া আনন্দৰ বন্যা নমোৱাৰ লগতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে বৃহত্তৰ বাতিপৰীয়া অঞ্চলৰ লগতে সমগ্ৰ দেৰগাঁৱত ।