ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

94

ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

দুৰ্নীতিৰ দপৰ্ণ সেৱা, ডিব্ৰুগড় ৯ আগষ্ট : শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩১ সংখ্যক মৃত্যু দিৱসত সোৱৰিলে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাইয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে সভাপতি মনজিৎত বৰাই। অনুষ্ঠানত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। এই কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী, মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন, সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, ঋষেশ্বৰ বৰুৱা, ধনটি শইকীয়াকে আদিকে ধৰি ভালেকেই গৰাকী সাংবাদিক উপস্থিত ।