নীলবাগান প্ৰেছ ক্লাৱৰ সাধাৰণ সভা সম্পন্ন , নতুন সমিতি গঠন

87

নীলবাগান প্ৰেছ ক্লাৱৰ সাধাৰণ সভা সম্পন্ন , নতুন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , হাৰুন ৰশ্বিদ চৌধুৰী , নীলবাগান, ১৯ ছেপ্টেম্বৰ : আজি হোজাই জিলাৰ নীলবাগান প্ৰেছ ক্লাৱৰ সাধাৰণ সভাখন মনিৰ চৌধুৰী ভৱনত বাচিত আলম চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত হয় ৷ সভাত বৃহত্তৰ নীলবাগানৰ শৈক্ষিক আৰু সামাজিক কেতবোৰ সমস্যা সন্দৰ্ভত আলোচনা হয় ৷ আলোচনাৰ অন্তত সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সমস্যাসমূহ নিৰ্মুলৰ পদক্ষেপ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সাধাৰণ সভাত নীলবাগান প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয় ৷ উপদেষ্টা ক্ৰমে- ফাইজ মহাম্মদ বৰভুঞা , ৰোহিনা ৱাৰিছ চৌধুৰী আৰু আইনুল হক চৌধুৰী ৷ সভাপতি বাচিত আলম চৌধুৰী , কাৰ্যকৰী সভাপতি কফিল উদ্দিন বৰভূঞা,সম্পাদক মাহমুদ আলী,সহ: সম্পাদক মুজিবুৰ ৰহমান বৰভুঞা , সাংগঠনিক সম্পাদক ৰফিক আলী, প্ৰচাৰ সম্পাদক ইবাদুল হক,কাৰ্যালয় সম্পাদক হাৰুন ৰশ্বিদ চৌধুৰী আৰু কাৰ্যকৰী সদস্য সামচুজ্জামান,জাভেদ আহমেদক সৰ্বসন্মতি ক্ৰমে বাছনি কৰি এখন শক্তিশালী কমিটি গঠন কৰা হয় ৷ উল্লেখ্য যে,দীৰ্ঘদিনৰ পৰা সামাজিক দায়ৱদ্ধতাৰে সমাজৰ হকে কাম কৰি অহা নীলবাগান প্ৰেছ ক্লাৱে ইতিমধ্যে দহটা বছৰ সফলতাৰে পাৰ কৰিলে ৷ আজিৰ সাধাৰণ সভাত প্ৰেছ ক্লাৱৰ স্থায়ী বাসভৱন নিৰ্মাণ , প্ৰেছ ক্লাৱৰ নামত চৰকাৰে ভূমি আৱন্টন দিয়া,হোজাই জিলা উপায়ুক্তক সাক্ষাৎ আদি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰত বিষদভাৱে আলোচনা কৰা হয় ৷ আলোচনাৰ অন্তত সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি এই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা হব বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷