পি এন বি গ্ৰাম্য আত্ম সংস্থাপন প্ৰতিষ্ঠানৰ মীন পালন প্ৰশিক্ষণ

98

পি এন বি গ্ৰাম্য আত্ম সংস্থাপন প্ৰতিষ্ঠানৰ মীন পালন প্ৰশিক্ষণ

দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ৬ ছেপ্টেম্বৰঃ পাঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰতিষ্ঠান গোলাঘাটৰ উদ্যোগত যুৱক যুৱতী সকলৰ আত্মসংস্থাপনৰ লক্ষ্যৰাখি বিভিন্ন কৌশল বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আজিৰে পৰা আৰম্ভ কৰিছে মীন পালন প্ৰশিক্ষণ।দহ দিনিয়াকৈ অনুষ্ঠিত কৰা এই প্ৰশিক্ষণৰ প্ৰথম প্ৰশিক্ষণ আজি দেৰগাঁৱৰ বৰুৱাবামুণ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হয়।জিলা মীন বিষয়া সীমান্ত কোঁৱৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰা প্ৰশিক্ষনটিত কাকডোঙা উন্নয়ন খণ্ডৰ অধীনৰ ৩৫ গৰাকী যুৱক যুৱতীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।জিলা মীন বিষয়া সীমান্ত কোঁৱৰ মুখ্য প্ৰশিক্ষক হিচাবে থকা প্ৰশিক্ষণটিত অগ্ৰনী বেংক বিষয়া অৰূপ কুমাৰ গগৈ আৰু আৰছেটিৰ সঞ্চালক চিন্ময় জ্যোতি গোঁহাইয়ে বিভিন্ন বিষয়ৰ ওপৰত বিশ্লেষণ আগবঢ়াই।শুভাৰম্ভণী অনুষ্ঠানটিত আৰছেটিৰ (ফেকাল্টী) অনুষদ হিমাশ্ৰী শইকীয়া, দ্বীপ শইকীয়া, আট্যাটিৰ বি অ’এল পাপু নেওগৰ লগতে বৰুৱা বামুণ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমনি বৰা আদি ব্যক্তি সকল উপস্থিত থাকে ।