বটদ্ৰৱা থানৰ আকাশী গঙ্গাত কাছ মেলিলে প্ৰকৃতি প্ৰেমী বেবেজীয়া আৰক্ষীয়ে , প্ৰকৃতিপ্ৰেমী যুৱ সাংবাদিক ডেভিড দাসৰ সহযোগ

204

বটদ্ৰৱা থানৰ আকাশী গঙ্গাত কাছ মেলিলে প্ৰকৃতি প্ৰেমী বেবেজীয়া আৰক্ষীয়ে , প্ৰকৃতিপ্ৰেমী যুৱ সাংবাদিক ডেভিড দাসৰ সহযোগ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ২৬ আগষ্ট : অসমৰ জনজীৱনৰ অতিকে পবিত্ৰ ভাদমাহ চলি থকাৰ মাজতে আজি বটদ্ৰৱাৰ ঐতিহাসিক আকাশী গঙ্গাৰ জলপৃষ্ঠত দুপৰীয়াৰ ভাগত এটা কাছ পোৱালি মেলি দিয়ে নগাওঁ জিলাৰ বেবেজীয়া আৰক্ষী থানাত কৰ্মৰত হৈ থকা প্ৰকৃতিপ্ৰেমী আৰক্ষীৰ লোকে । নগাাঁও জিলাৰ বেবেজীয়াত আৰক্ষীয়ে পহৰাৰ দায়িত্বত থাকোতে উদ্ধাৰ কৰা ৫ কিলোগ্ৰাম ওজনৰ বৰকাছৰ পোৱালীটো আজি বেবেজীয়া আৰক্ষী থানাত কৰ্মৰত এছ আই ৰাজেন্দ্ৰ দাস আৰু এ এচ আই ঘনকান্ত বৰাই প্ৰকৃতিপ্ৰেমী যুৱ সাংবাদিক তথা একশৰণ ভাগৱতী সমাজৰ প্ৰচাৰ সচিব ডেভিড দাসৰ সহযোগত আৰক্ষীৰ লোকে উদ্ধাৰ কৰে আৰু পিছত বৰ যত্নৰে জগত গুৰুৰ জন্মস্থান বটদ্ৰৱা থানলৈ লৈ আহি থান পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰি পিছত আকাশী গঙ্গাত মেলি দিয়ে । এই গাম্ভীৰ্য্যপূৰ্ণ কাৰ্য্যসূচীত বিশিষ্ট সমাজকৰ্মী তথা শিল্পী গম্ভীৰ নাথো উপস্থিত থাকে। উল্লেখ্য যে , বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগা আৰু হাটীপুখুৰীত যোৱা কেইবছৰ মানৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱ সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিনত কৰিছে । ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে আজি এইসকল আৰক্ষীৰ লোক আৰু প্ৰকৃতিপ্ৰেমীয়ে বটদ্ৰৱা থানত উপস্থিত হৈ বৰকাছ পোৱালি মেলি দি পৰম সন্তুষ্টি লাভ কৰা বুলি জানিবলৈ দিয়ে ।