হাউলী জূনিয়ৰ কলেজৰ প্ৰতিষ্ঠা দিবস

128

হাউলী জূনিয়ৰ কলেজৰ প্ৰতিষ্ঠা দিবস

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১৭ আগষ্টঃ বৰপেটা জিলাৰ অন্তৰ্গত হাউলীৰ অগ্ৰণী শিক্ষানুষ্ঠান হাউলী জুনিয়ৰ কলেজৰ আজিৰ দিনটোত কলা শাখাৰে আৰাম্ভ হৈছিল । সময় গতিশীল । চাওঁতে চাওঁতে ৰূপালী জয়ন্তী বৰ্ষ আৰাম্ভ হল । কিছুমান ব্যক্তিৰ আশুসুধীয়া প্ৰচেষ্টাত এই অনুষ্ঠানৰ জন্ম হৈছিল । আজি এই পবিত্ৰ দিনটোত জন্ম হৈছিল এই শিক্ষানুষ্ঠান খনৰ । সেই উপলক্ষে আজিৰ দিনটোত কলেজ কতৃপক্ষই এই অনুষ্ঠানৰ লগত জড়িত বিভিন্ন জনৰ সহায়ত বিশেষ কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিবস হিচাবে বিভিন্ন জনৰ দ্বাৰা ২৫ খন পতাকা উত্তোলন কৰে ।মুখ্য পতাকা উত্তোলন কৰে প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ কুমাৰ দীপক দাসে । দ্বিতীয় কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ কৰা হয় । বৃক্ষৰোপণ কৰে পদ্মীনী নাথে । ইয়াৰ পিছত ছহিদ তৰ্পণ কৰে ধৃতিদ্বীপ দাস সভাপতি হাউলী আঞ্চলিক ছাত্ৰ সন্থা । তাৰ পিছত স্মৃতি তৰ্পণ কৰে হাউলীৰ সমাজকৰ্মী নিবাৰণ নাথ আৰু টিকেন দাসে । সন্ধিয়া কলেজৰ বাকৰিত বন্তি প্ৰজ্বলন কৰি একমনোমোহা আকৰ্ষণীয় দৃশ্যৰ অৱতাৰণা কৰি কাৰ্যসুচীৰ অন্ত পেলায় ।