হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ৰাস্তাৰ দুৰৱস্থা, কাণসাৰ নাই স্থানীয় বিধায়ক তথা চৰকাৰৰ

76
হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ৰাস্তাৰ দুৰৱস্থা, কাণসাৰ নাই স্থানীয় বিধায়ক তথা চৰকাৰৰ
দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৫ আগষ্টঃ হোজাই জিলাৰ দেৱস্তান মোৰাজাৰ সংযোগী লোকনিৰ্মাণ বিভাগৰ ৰাস্তাৰ দুৰৱস্থাত ৰাইজে নৰক যন্ত্ৰণা ভুগি আছে । পূৱ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংক সংযোগ কৰি হোজাই জিলাৰ মাজেৰে যোৱা এই অতি গুৰুত্বপূৰ্ণ ৰাস্তাটোৰে দৈনিক কেইবা হেজাৰ বাহন চলাচল কৰে । কিন্তু ৰাস্তাটোৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে জনসাধাৰণক । ৰাস্তাটোৰ মাজে মাজে সৃষ্টি হোৱা দ গাতবোৰৰ ফলত নিতৌ কেবাটাও দুৰ্ঘটনা হোৱাৰ ওপৰিও বাহন সমূহৰ প্ৰচুৰ ক্ষতিসাধন হয় । উল্লেখযোগ্য যে , ৰাস্তাটো মেৰামতি হোৱাৰ মাত্ৰ ছয় সাতমাহৰ ভিতৰত আকৌ আগৰ ৰূপ লয় । কিন্তু  লোকনিৰ্মাণ বিভাগে নুন্যতম যিখিনি মেৰামতি কৰি যাব লাগে , সেইখিনিও নকৰে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে , দৈনিক চলাচল কৰা বাহন সমুহৰ বেছিভাগ অভাৰলোড বালি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰাক । যমুনা নদীৰ পৰা দৈনিক শতাধিক অভাৰলোড ডাম্পাৰ আৰু ট্ৰাকে চলাচল কৰে । পৰিবহন বিভাগৰ জ্ঞাতে এই বাহনসমুহ চলাচল কৰি ৰাস্তা বেয়া কৰে বুলি অভিযোগ উত্থাপিত হৈছে । গধুৰ বাহন সমুহৰ চলাচললৈ চাই ৰাস্তাটো শক্তিশালীকৈ নিৰ্মাণ কৰিবলৈও দাবী উত্থাপন হৈছে ।