ৰঙিয়াত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা , নতুন পেঞ্চন নীতি প্ৰত্যহাৰৰ দাবী

59

ৰঙিয়াত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা , নতুন পেঞ্চন নীতি প্ৰত্যহাৰৰ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ, ৰঙিয়া,৬ ডিচেম্বৰঃ নতুন পেঞ্চন নীতিৰ অন্তৰ্ভুক্ত অসমৰ কৰ্মচাৰী সকলৰ সমূহীয়া মঞ্চ সদৌ অসম এন,পি,এছ কৰ্মচাৰী সন্থাৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰঙিয়া মহাবিদ্যালয়ৰ সভাকক্ষত।এই সভা আয়োজন কৰে সন্থাৰ ৰঙিয়া জিলা সমিতিয়ে।দেওবাৰে অনুষ্ঠিত সভাৰ দিনজোৰা কাৰ্য্যসূচীত অসমৰ প্ৰায়কেইখন জিলাৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰি তেওলোকৰ অভাৱ অভিযোগকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। মুখ্যত এইসকল চৰকাৰী কৰ্মচাৰীয়ে কোনোপধ্যেই নতুন পেঞ্চন নীতি মানি নলয় বুলি প্ৰকাশ কৰাৰ লগতে,এন,পি,এছৰ অধিনস্থ কৰ্মচাৰী সকলৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিব বুলি অভিহিত কৰিছে। আনহাতে চৰকাৰৰ ওচৰত বাৰাম্বাৰ দাবী জনাই অহাৰ পিছতো নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি নীতি বাহাল ৰখাৰ দাবীক এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। এন,পি,এছৰ অধীনস্থ কৰ্মচাৰী সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি দহ দিন চাকৰি কৰিলেও দহ লাখ টকা দিয়াৰ যি ঘোষণা কৰিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাই চিৰাং জিলা এন,পি,এছ কৰ্মচাৰীসন্থাৰ সম্পাদক জেষ্ঠ সদস্য ইৰছাদ আলীয়ে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে অৱসৰৰ পিছত তেওঁলোকক সন্মান সহকাৰে জীয়াই থাকিবলৈ ব্যৱস্থা কৰি দিয়ক,অন্যথা এইসকল কৰ্মচাৰীয়ে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হব বুলিও হুংকাৰ প্ৰদান কৰে। সভাৰ আয়োজক ৰঙিয়া জিলা চৰকাৰী এন,পি,এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডঃপাচান আলী আহমেদ আৰু সম্পাদক লৱ কুমাৰ দাসে সভাত অংশগ্ৰহণ কৰা আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে।