অখিলৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট দিব নোৱাৰিলে আৰক্ষীয়ে

147

অখিলৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট দিব নোৱাৰিলে আৰক্ষীয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১১ আগষ্ট : অখিলৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ দাখিল কৰিবলৈ সক্ষম নহল চাবুৱা আৰক্ষী । আদালতে চাবুৱা থানাৰ গোচৰৰ সন্দৰ্ভত দুখমুক্ত কৰি সম্পূৰ্ণ ৰূপে ৰেহাই দিয়ে অখিলক । আজি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ ২৯২/১৯ নম্বৰ গোচৰৰ সন্দৰ্ভত আছিল শুনানি । পুৱাৰে পৰা ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত বাহৰ পাতি আছিল অখিল গগৈ । আবেলি পৰ্যন্ত আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ দিব নোৱাৰা লগতে চাৰ্জশ্বিটো নাই অখিলৰ নাম । ভুৱাকৈ অখিলক জড়িত কৰি হাৰাশাস্তি কৰিছিল আৰক্ষীয়ে । কা বিৰোধী আন্দোলনৰ সময়ত যিমান সংখ্যক গোচৰ অখিলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল , সকলো ভুৱা বুলি অখিলৰ মন্তব্য । মুঠ প্ৰায় ১৪২ টা গোচৰ আৰু ইয়াৰ সাক্ষী প্ৰমাণ নাপায় প্ৰায় ৪০ টাৰ দুখমুক্ত হৈছে । কা আন্দোলনৰ সময়ত ১৭ টা পঞ্জীয়ক হৈছিল অখিলৰ বিৰুদ্ধে গোচৰ । অখিলক অসম আৰক্ষীৰ মিছাতে দীৰ্ঘদিন হাৰাশাস্তি কৰাৰ অভিযোগ । যিটো গোচৰত অভিযুক্ত কৰা হৈছিল , সেই গোচৰৰ চাৰ্জশ্বিটত অখিলৰ নাম নথকা লগতে অখিলৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ দিবলৈ সক্ষম নহল । যাৰ বাবে আদালতে সম্পূৰ্ণ ৰূপে অখিলক ৰেহাই দিয়ে চাবুৱা থানাৰ গোচৰত । কেৱল ১ বছৰ ৯ মাহ হাৰাশাস্তি কৰিলে বুলি আদালতৰ পৰা উলিয়াইয়েই ক্ষোভ প্ৰকাশ কৰে । অখিলৰ হৈ বিনামুলীয়া আইনী সাহাৰ্য্য আগবয়ঢ়োৱা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ , অনুজ চেত্ৰী , কৃষ্ণ গগৈ , ৰাহুল শেনচোৱা , পূৰৱী বৰ্মনকো ধন্যবাদ জ্ঞাপন কৰে । নিয়াই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা দুটা গোচৰৰ এটাৰ পৰা ইতিমধ্যে তেওঁ মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ লক্ষণীয় যে , কা’ আন্দোলনৰ সময়ত উত্তেজিত জনতাই চাবুৱা থানা আক্রমণ কৰিছিল ৷ থানাখন জ্বলাই দিবলৈয়ো উদ্যত হৈছিল ৷ লগতে বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত অগ্নিসংযোগ কৰি ভস্মীভূত কৰিছিল । সেই গোচৰত চাবুৱা থানাই অখিল গগৈ জড়িত থকাৰ অভিযোগ আনি গোচৰ ৰুজু কৰিছিল ৷ কিন্তু আৰক্ষীয়ে আদালতত কোনো ধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিবলৈ সক্ষম নোহোৱাত আদালতে দোষ মুক্ত কৰে অখিলক ।