অখিল গগৈৰ নেতৃত্বত জোনাইত গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী

75

অখিল গগৈৰ নেতৃত্বত জোনাইত গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া,চিলাপথাৰ , ৬ ছেপ্তেম্বৰঃ অসম চৰকাৰে অনুমোদন জনোৱা গো-সুৰক্ষা আইন ২০২১ বিধেয়ক বাতিলৰ দাবীত জোনাইত আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰু ধেমাজি জিলাৰ গো-পালক সন্থা,ৰাইজৰ দল,কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক ৰাইজৰ সহযোগত এক বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । বিধায়ক গৰাকীয়ে পুৱা প্ৰায় ১০-৩০ বজাত জোনাইত উপস্থিত হৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা হাজাৰ হাজাৰ ৰাইজৰ লগত সমদল কৰি জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । ধৰ্ণা কাৰ্যসূচীত নেতৃত্ব দি বিধায়ক গৰাকীয়ে অসম চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় – বিজেপি চৰকাৰে সাম্প্ৰদায়িক আৰু খাটি খোৱা ৰাইজৰ কাৰণে অত্যন্ত ক্ষতিকাৰক Assam cattle Preservation Act 2021 ৰাইজৰ মাজত জাপি দিয়াৰ ফলত থলুৱা খাটি খোৱা লোকসকল , খিলঞ্জীয়া জনগোষ্ঠী সকলৰ মাজত বেয়াকৈ প্ৰভাৱ পৰিব । তদুপৰি গো-সুৰক্ষা আইন বাতিলৰ দাবীত আজি জোনাইৰ পৰা এই আন্দোলনৰ আৰম্ভ কৰা হৈছে বুলি মন্তব্য আগবঢ়াই শিৱসাগৰ বিধায়ক গৰাকীয়ে । ইপিনে , কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে ।