অখিল গগৈ আন্দোলনৰ নামত বুজা-বুজি কৰা নেতাঃ প্ৰাক্তন কৃষক নেতা ধৰ্মেন্দ্ৰ বৰা

46

অখিল গগৈ আন্দোলনৰ নামত বুজা-বুজি কৰা নেতাঃ প্ৰাক্তন কৃষক নেতা ধৰ্মেন্দ্ৰ বৰা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৯ ছেপ্টেম্বৰঃ ৰাজ্যত আগন্তুক উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে থাওৰাত বিভিন্ন সভা সমিতিত অংশ গ্ৰহণ কৰি শেহতীয়াকৈ ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে সৰৱ হৈ পৰিছে থাওৰাৰ দুগৰাকী প্ৰাক্তন কৃষক নেতা । ২০১৩ চনত কৃষক মুক্তিত যোগদান কৰি ৪ বছৰে সংগঠনটোৰ বাবে ত্যাগ স্বীকাৰ কৰা বকতা মৌজাৰ ধৰ্মেন্দ্ৰ বৰা আৰু অনুপম বৰুৱাই কৰিলে অখিল গগৈৰ বিৰুদ্ধে কৰিলে বিস্ফোৰক অভিযোগ । ডিমৌ প্ৰেছ ক্লাৱত সংবাদমেল আয়োজন কৰি প্ৰাক্তন কৃষক মুক্তিৰ নেতা দুজনে অখিল গগৈক আন্দোলনৰ নামত বুজা-বুজি কৰা আৰু মাটিৰ পট্টা দিয়াৰ নামত ধন সংগ্ৰহ কৰা নেতা বুলি অভিহিত কৰে । অখিলৰ নেতৃত্বত আন্দোলন কৰি প্ৰাক্তন কৃষক নেতা ধৰ্মেন্দ্ৰ বৰাৰ বিৰুদ্ধে ২৮ টা গোচৰ আৰু অনুপম বৰুৱাৰ বিৰুদ্ধে ১৬ টা গোচৰ ৰজু হৈ আছে বুলি উল্লেখ কৰে সংবাদ মেলত ৷ অখিল গগৈয়ে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত ফুটা-কড়ি এটাও নিদিলে বুলি আন এক গুৰুতৰ অভিযোগ উত্তাপন কৰে প্ৰাক্তন কৃষক নেতাদ্বয়ে ।