অচিৰেই ভংগ হ’ব বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলঃ জাকিৰ হুছেইন শিকদাৰ

274

অচিৰেই ভংগ হ’ব বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলঃ জাকিৰ হুছেইন শিকদাৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ৫ নৱেম্বৰঃ শেহতীয়াকৈ ৰাজ্যৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অতি বেয়াকৈ মুখ থেকেচা খাই পৰাজয় সাব্যস্ত কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰছ কমিঠিৰ কাৰ্যকৰি সভাপতি জাকিৰ হুছেইন শিকদাৰে এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি কয় যে-বেছি দিন নাই আৰু৷ বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক অতি সোনকালে ভংগ কৰি দিব ব্যৱসায় ৷ মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰাই পঠিওৱাৰ পিছত বেয়া দিন যেন আৰম্ভ হৈ গ’ল বদৰুদ্দিন আজমলৰ ৷ বহু কাকূতি-মিনতি কৰিও কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকিবলৈ সক্ষম নহ’ল এ আই ইউ ডি এফ ৷ ইয়াৰ পিছতে শাসকীয় দল বিজেপিয়ে এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক হাইজেক কৰি নি দলীয় টিকটৰে পুনৰ জিকাই আনিলে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইক আনি বিজেপিয়ে দলীয় টিকট প্ৰদান কৰি দিছপুৰলৈ আনিলে ৷ বিৰোধী কংগ্ৰেছ-এ আই ইউ ডি এফৰ পৰা বিধায়ক আনি নিজৰ গা শক্তিশালী কৰা বিজেপিয়ে পুনৰ বিৰোধী শিৱিৰৰ পৰা বিধায়ক আনিব নেকি ? এনে সময়তে কংগ্ৰেছে তুলিলে এক ভয়ংকৰ দাবী ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ক’লে-বেয়া দিন চলিছে বদৰুদ্দিন আজমলৰ ৷ সোনকালে ভংগ কৰি দিব এ আই ডি এফক ৷ জাকিৰ হুছেইন শিকদাৰৰ দাবী-“এতিয়া ব্যৱসায় কৰাৰ সময় আজমলৰ ৷ ব্যৱসায়ী আজমলে সঠিক সময়ত সঠিক সিদ্ধান্ত লয় ৷ উল্লেখযোগ্য যে ,বৰ্ষীয়ান কংগ্ৰেছী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনেও আজমলৰ এ আই ইউ ডি এফক এসময়ৰ ইউ এম এফৰ দৰে ধূলিসাৎ হ’ব বুলি ইতিমধ্যে বহুবাৰ ভৱিষ্যতবাণী কৰিছিল ৷