অনলাইন গেইম খেলিবলৈ ৪ কিশোৰে মাতৃৰ একাউণ্টৰ পৰা লুটিলে ১৯ লাখ টকা

61

অনলাইন গেইম খেলিবলৈ ৪ কিশোৰে মাতৃৰ একাউণ্টৰ পৰা লুটিলে ১৯ লাখ টকা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৯ ছেপ্টেম্বৰঃ অনলাইন গেইমৰ নামত শিৱসাগৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড । অনলাইন মোবাইল গেইম খেলিবলৈ ৪ কিশোৰে মাতৃৰ একাউন্ট হেক কৰি সৰকালে ১৯ লাখ টকা । প্ৰাপ্ত বাতৰি অনুসৰি , এজন নাবালক আৰু তিনি কিশোৰ সহ চাৰিজনে মিলি এই ঘটনা সংঘটিত কৰিছে বুলি জানিব পৰা গৈছ । মাতৃৰ বেংক একাউণ্টৰ পৰাই এটি নাবালকে তিনি কিশোৰৰ সহযোগত সৰকালে এই বৃহৎ পৰিমাণৰ ধনৰাশি । আই চি আই চি আই বেংক একাউণ্টৰ পৰা হেক কৰি সৰকাইছিল এই বিশাল ধনৰাশি । ঘটনা সন্দৰ্ভত চাৰিওজনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে । শিৱসাগৰ সদৰ থানাত IPC 420/406 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ অধীনত ৰুজু কৰা এটা গোচৰৰ ভিত্তিত চাৰিওজনক আটক কৰা হয় । আৰক্ষীয়ে সনগ্ৰ ঘটনাৰ অনুসন্ধান বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।