অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে এন আৰ এলত চাকৰি , ৰক্ষণাবেক্ষণৰ অভিযোগ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে

118

অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে এন আৰ এলত চাকৰি , ৰক্ষণাবেক্ষণৰ অভিযোগ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে

অনুসূচীত জাতিৰ প্ৰমাণপত্ৰৰ জালিয়াতিৰে চাকৰি গ্ৰহণ কৰা পোন্ধৰ জনৰ নাম তালিকা হাতে-হাতে লৈ এন আৰ এল কৰ্তৃপক্ষৰ বিৰুদ্ধে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ , আসন সংৰক্ষণ, অনুসূচীত জাতিৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ,ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰকাৰীক বৰ্খাস্ত আৰু স্থানীয় নিবনুৱাৰ সংস্থাপনৰ দাবী , শোধনাগাৰ কৰ্তৃপক্ষই দাবীৰ প্ৰতি গুৰুত্ব নিদিলে আত্মজাহৰ পৰিস্থিতি সৃষ্টি হোৱাৰ হুংকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ১ অক্টোবৰ : অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি জাতিটোৰ বাবে সংৰক্ষিত আসনত চাকৰি কৰি থকাৰ অভিযোগত অভিযুক্ত পোন্ধৰ জন লোকৰ নাম তালিকা হাতে-হাতে লৈ আজি অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে ‘অৱস্থান ধৰ্মঘট’ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে , বিগত তিনি-চাৰি বছৰ ধৰি সদৌ অসম অনুসূচীত ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে এন আৰ এলত জাতিটোৰ বাবে সংৰক্ষিত পদত অনা-অনুসূচীত জাতিৰ লোকে প্ৰমাণপত্ৰৰ জালিয়াতিৰে চাকৰিত নিয়োজিত হৈ থকাৰ অভিযোগ উত্থাপন কৰি আহিছে । আনকি, এই ক্ষেত্ৰত ছাত্ৰ সংগঠনটোৱে নিজাববীয়াকৈ অনুসন্ধান কৰি পোন্ধৰ জন ব্যক্তিৰ নাম তালিকাও প্ৰকাশ কৰি দিছে । কিন্তু , শোধনাগাৰ কৰ্তৃপক্ষই এই সমূলি বিষয়টোৰ পৰা এক নিৰাপদ স্থানত অৱস্থান কৰি আহিছে আৰু ছাত্ৰ সংগঠনটোৰ অভিযোগৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা পৰিলক্ষিত নহ’ল । সংগঠনটোৱে প্ৰতিবাদৰ সময়ছোৱাত চিঞঁৰি চিঞঁৰি ক্ৰমে গৌতম চন্দ্ৰ বৰা , কপিল মেধি , দেৱেন্দ্ৰ শইকীয়া , ফুকন চন্দ্ৰ ডেকা , সঞ্জীৱ কুমাৰ দাস , নিৰোদ কুমাৰ হালৈ , অৰ্ণৱ ৰতন মিত্ৰ , মিলন কুমাৰ ৰয় , নবীন ডেকা , উৎপল তালুকদাৰ , মনোজ কুমাৰ বিদ্যাৰ্থী , অভিজিত মজুমদাৰ , বিনয় কুমাৰ মৰল , ভগৱান চন্দ্ৰ হালৈ আৰু চুবুল চন্দ্ৰ হালৈয়ে অনুসূচীত জাতিৰ প্ৰমানপত্ৰৰ জালিয়াতিৰে চাকৰি লাভ কৰিছে বুলি নাম তালিকা ৰাজহুৱা কৰিছে যদিও সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে শোধনাগাৰ কৰ্তৃপক্ষই । আজি প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে , নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আজি তিনি-চাৰি বছৰ ধৰি অহৰহ স্মৰকপত্ৰযোগে বিষয়টো দৃষ্টগোচৰ কৰি থকা হৈছে । কিন্তু, শোধনাগাৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই । এই ক্ষেত্ৰত সংগঠনটোৱে অভিযোগ কৰে যে , শোধনাগাৰৰ বৰমূৰীয়া সকলক এই প্ৰমাণপত্ৰৰ জালিয়াতিৰে চাকৰি লাভ কৰা ব্যক্তিসকলে মোটা অংকৰে মেনেজ কৰি থোৱাৰ বাবেই শোধনাগাৰ কৰ্তৃপক্ষই নীৰৱতা অৱলম্বন কৰিবলৈ বাধ্য হোৱা বুলিও অভিযোগ কৰে । ইপিনে , যোৱা ১৩ ছেপ্টেম্বৰতো বৃহৎ গণ আন্দোলনেৰে নুমলীগড় শোধনাগাৰ চৌহদৰ আকাশ বতাহ কঁপাই তোলাৰ পাছত আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ সময়ছোৱাতো ‘ইনক্লাৱ জিন্দাবাদ’, ‘নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ হায় হায়’, ‘এই জুই জ্বলিছে, জলিবই’,’আমাৰ দাবী মানিবই লাগিব আদিৰ দৰে শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে । লগতে অনুসূচীত জাতি ছাত্ৰ সন্থাই অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে এন আৰ এলত কৰ্মৰত লোকসকলৰ বৰ্খাস্তৰ দাবী জনায় । ইপিনে , অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আসনত চাকৰি লোৱা বিষয়া-কৰ্মচাৰীৰ তালিকা ৰাজহুৱা কৰাৰ লগতে গোলাঘাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু জিলা উপায়ুক্তৰ দ্বাৰা জাতিগত প্ৰমাণপত্ৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰাৰো দাবী জনায় । তদুপৰি , স্থানীয় নিবনুৱাক সংস্থাপিত কৰাৰ লগতে অনুসূচীত জাতিৰ ৫০০ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰো দাবী জনাইছে সংগঠনটোৱে । আজি প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই শোধনাগাৰ কৰ্তৃপক্ষক স্থিতি স্পষ্ট নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলাই নিব বুলিও অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ভৃগু কুমাৰ দাস আৰু সম্পাদক প্ৰণৱ প্ৰতিম দাসে প্ৰকাশ কৰে । উল্লেখ্য যে , সংগঠনটোৰ দাবীসমূৰ ক্ষেত্ৰত এন আৰ এল কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰিলে শোধনাগাৰৰ মুখ্যদ্বাৰতে আত্মজাহ দিয়াৰ পৰিস্থিতিও সৃষ্টি হ’ব বুলিও সংগঠনটোৱে হুংকাৰ দিয়ে ।