অন্তিমটো দিনত ভৱানীপুৰত প্ৰচাৰ সভাত বিজেপি-কংগ্ৰেছ-ইউ ডি-এফৰ শীৰ্ষ নেতা , ভৱানীপুৰৰ সৰুপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এডিপি বজাৰত বদৰুদ্দিন আজমল

111

অন্তিমটো দিনত ভৱানীপুৰত প্ৰচাৰ সভাত বিজেপি-কংগ্ৰেছ-ইউ ডি-এফৰ শীৰ্ষ নেতা , ভৱানীপুৰৰ সৰুপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এডিপি বজাৰত বদৰুদ্দিন আজমল

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ অক্টোবৰ : অসমত আৰু আজমল কংগ্রেছৰ চৰকাৰ নহয়। বিজেপিৰ চৰকাৰ অসমত ম্যাদী পট্টাৰ দৰে থাকিব। -এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । উপ নিৰ্বাচনৰ প্রচাৰৰ অন্তিম দিনটোত আজি মুখ্যমন্ত্রীয়ে ভৱানীপুৰত চতুৰ্থ দিনৰ বাবে প্রদাৰ্পণ কৰি অষ্টমখন নিৰ্বাচনী প্রচাৰসভাত অংশগ্রহণ কৰি কয় অসমখন আমি বদলাব লাগিব। অসমত নব্বৈ শতাংশ চৰকাৰী কৰ্মচাৰী ভাল বাকী দহ শতাংশ কৰ্মচাৰীয়ে ৰাইজক শুহি শুহি খাই আছে । এইসকলে মৃত্যুৰ প্রমাণপত্র ল’ব গলেও পইচা লয় ,জন্মিলে হস্পিটেলত পইচা দিব লাগে । এই বিলাক আমি বদলাব লাগিব । অসমত সাধাৰণ মানুহজনেও যাতে ন্যায় পায় ইয়াৰ ব্যৱস্থা হব লাগিব । সাধাৰণ ঘৰ এটা পাবৰ বাবে যাতে টকা দিব নেলাগে ,বিধৱাগৰাকীয়ে পেঞ্চনৰ ধন পাবৰ কাৰণে যাতে টকা দিব নেলাগে ,অৱসৰপোৱা কৰ্মচাৰীজনে যাতে অৱসৰৰ প্রথম মাহটোতে পেঞ্চন পায় ইয়াৰ ব্যৱস্থা কৰিব লাগিব। অহা চাৰে চাৰি বছৰত অসমৰ কপালৰ পৰা কলংক মছিহে এৰিম বুলি মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণ প্রসংগত হুংকাৰ প্রদান কৰি কয় অসমৰ জীৱনলৈ উন্নয়নৰ নতুন গংগা বোৱাইহে এৰিম । এই প্রসংগতে তেওঁ নলিনী বালা দেৱীৰ এটা কবিতা আবৃত্তি কৰি জীয়াই থাকোতেও অসম মৃত্যুৰ পাছতো অসম বুলি আবেগিক ভাৱে ৰাইজক মনৰ ভাৱ ব্যক্ত কৰে |আনহাতে মুখ্যমন্ত্রীয়ে হিন্দুৰ বাবে কাশী-বৃন্দাবন হৈছে তীৰ্থ ,মুছলমানৰ বাবে মক্কা তীৰ্থ আৰু ৰাজনীতি কৰা মানুহ হিচাপে মোৰ বাবে দুখীয়াৰ পঁজা হৈছে তীৰ্থ বুলি মন্তব্য কৰি কংগ্রেছ এ আই ইউ ডি এফে কৈছে মই ভয় কৰি পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনত ঘূৰা বুলি । কিন্তু যোৱা পাঁচ মাহত মই অসমৰ অলিয়ে গলিয়ে ঘূৰিছোঁ । প্রতিটো সমষ্টিটে চৈধ্য-পোন্ধৰ বাৰলৈ গৈছো । অসমৰ ৰাইজৰ মনৰ বেদনা আৰু আশা-আকাংক্ষা এই দুইটাকে সমাহিত কৰি আমাৰ জাতীয় জীৱনক সমাদৃত কৰিবলৈ বুলি উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত বিৰোধী কংগ্রেছ এ আই ইউ ডি এফক তীব্র সমালোচনা কৰি বিৰোধীৰ সভা কৰাৰ অধিকাৰ আছে। কিন্তু তেওঁলোকে মুছলমান মানুহ য’ত আছে তাতে সভা কৰে। তেওঁলোকে সভা যদি কৰে তেনেহ’লে সভালৈ হিন্দু মুছলমান মানুহ সমানে আনক । সকলোকে নিমন্ত্রণ কৰক বুলি উপদেশ দিয়ে লগতে এই প্রসংগতে তেওঁ কয় যে কংগ্রেছে এনেকোৱা কৰিছে যে হিন্দুৱে বিজেপিক ভোট দিয়ে কংগ্রেছক নিদিয়ে । মুছলমানে কংগ্রেছক ভোট দিয়ে |এইটো সাম্প্রদায়িক সংঘৰ্ষৰ দৰে কথা বুলি তেওঁ কটাক্ষ কৰে । কংগ্রেছক কিয় ৰাইজে ভোট নিদিয়ে বুলি মুখ্যমন্ত্রীয়ে ৰাইজক প্রশ্ন উথ্থাপন কৰি কয় যে কংগ্রেছে নিব জানে দিব নেজানে । কংগ্রেছৰ দিনত শিক্ষকৰ চাকৰি পাবৰ কাৰণে ঘোচ দিব লাগে । অংগনাবাড়ী কৰ্মী, আশা কৰ্মীৰ চাকৰিৰ বাবে ঘোচ দিব লাগে বুলি কয় । লগতে তেওঁ অসমৰ ঘৰে ঘৰে ড্রাগছ সোমাইছিল বুলি ভাষণত উল্লেখ কৰি ইতিমধ্যে চাৰিশ কোটি টকাৰ ড্রাগছ ধৰিলো । কংগ্রেছে যদি যোৱা পোন্ধৰ বছৰত ড্রাগছ ধৰিলেহেতেন তেনেহ’লে এই পৰিৱেশ নহ’লহেঁতেন। এই প্রসংগতে তেওঁ কয় যে আৰক্ষীৰ গুলীত যদি ড্রাগছ বেপাৰীৰ মৃত্যু হয় তেনেহ’লে কংগ্রেছে বিধানসভাত প্রশ্ন সোধে ড্রাগছ বেপাৰীটো কিয় মৰিল বুলি । ড্রাগছ বেপাৰীয়ে কি গুলী নাখাই আৰক্ষীয়ে চুমা খাব লাগিব নেকি ?আনহাতে মুখ্যমন্ত্রীয়ে কংগ্রেছ এ আই ইউ ডি এফক গাখীৰ নিদিয়া গৰু বুলি কটাক্ষ কৰি বিজেপিৰ পদুমত ভোট দিলে দিনে চাব্বিশ লিটাৰকৈ গাখীৰ প্রতি ঘৰে পাব বুলি মন্তব্য কৰে । লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভৱানীপুৰ সমষ্টিৰ ৰাইজক সম্বোধন কৰি কয় যে সকলোৱে ভাওনা দেখিলে । আমি সেইখন ভাওনাহে চাব লাগিব যিখনত শ্রীকৃষ্ণ আছে। গতিকে আচল কৰ্মযজ্ঞ তাতে হ’ব য’ত দিল্লী দিছপুৰৰ চৰকাৰ আছে বুলি প্রাৰ্থী ফণীধৰ তালুকদাৰক ভোট দিবলৈ আহ্বান জনায়। আনহাতে মুখ্যমন্ত্রীয়ে ভৱানীপুৰ সমষ্টিৰ উন্নয়ন এ আই ইউ ডি এফৰ বিধায়ক নিৰ্বাচিত কৰাৰ বাবে নোহোৱাৰ কথা ভাষণত উল্লেখ কৰি ইয়াৰ উন্নয়নৰ বাবে তেওঁ শতাধিক প্রকল্প আৰু আঁচনিৰ পৰিকল্পনা ইংগীতমূলক ভাৱে উল্লেখ কৰি ৰাইজক সম্বোধি কয় কাইলৈৰ পৰা আমি প্রচাৰ নকৰোঁ। কিন্তু ৰাইজে নৰেন্দ্র মোডী হৈ বিজেপি হৈ প্রচাৰ চলাবলৈ আহ্বান জনায় । সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত তথা বিজেপিৰ বজালী জিলা কমিটীৰ সম্পাদক কিশোৰ কুমাৰ ডেকাই পৰিচালনা কৰা সভাখনত বিজেপি মিত্রজোঁটৰ প্রাৰ্থী ফণীধৰ তালুকদাৰ ,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ,বিধায়কসকল ক্রমে ড০ পৰমানন্দ ৰাজবংশী ,ৰামকৃষ্ণ ঘোষ, অজয় ৰয়, হেমাংগ ঠাকুৰীয়া , প্রাক্তন বিধায়ক ড০ মনোৰঞ্জন দাস , মলয়া বৰ্মন, অগপ নেতা ড০ ৰঞ্জিত ডেকা,মণিমাধৱ মহন্ত ,ড০ তপন দাস , বিজেপিৰ বজালী জিলাৰ তত্বাৱধায়ক বিকুল ডেকাকে ধৰি দুকুৰি নেতা-নেত্রীয়ে প্রাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্রচাৰ চলায়। লগতে কণ্ঠ শিল্পী গিতালী কাকতি আৰু কল্লোল বৰঠাকুৰেও সভাস্থলীত সংগীত পৰিৱেশন কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।

ভৱানীপুৰৰ এডিপি বজাৰত এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ সভাত বদৰুদ্দিন আজমল

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ অক্টোবৰ : এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ সভা এখনত সুখ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ সুখী হোৱাৰ কাৰণটো হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হেনো মুছলমানৰ ভোট বিচাৰিছে। উল্লেখযোগ্য যে ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী জুব্বাৰ আলীৰ সমৰ্থনত আজি বিয়লি ৩ বজাত এডিপি বজাৰত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয়, আজি এটা কথা শুনি ভাল লাগিছে যে মুখ্যমন্ত্ৰী ড° হিমম্ত বিশ্ব শৰ্মাই অলপতে দিল্লী-কোলকাতাত গৈ কৈ আছিল যে আমাক মিঞাৰ ভোট নালাগে কিন্তু আজি কৈছে যে মিঞা-মুছলমানৰ ভোট লাগে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগতে ভয় খাই আছে আৰু সদায় ৰাতি ৰাতি ভাবে এইবাৰ ভৱানীপুৰত কি হ’ব। কিন্তু ভৱানীপুৰত এ আই ইউ ডি এফে জিকিব বুলি দাবী কৰি তেওঁ পূণৰ কয়, আপুনি ঘৰে ঘৰে গৈ ফণী তালুকদাৰক ভোট দিবলৈ কৈ গ’লেও ভৱানীপুৰৰ ৰাইজে এ আই ইউ ডি এফকে ভোট দিব। আপুনি এগৰাকী মুখ্যমন্ত্ৰী হৈও গণতন্ত্ৰৰ ৰাজত্ব কৰি আছে। আপুনি কিয় ফণী তালুকদাৰক লৈ যাব লাগে। এইটোতো কোনো ৰাজত্ব হোৱা ইলেক্সন নহয়। তথাপিও আপোনাৰ পেট ভৰা নাই। ফণী তালুকদাৰক এটাও ভোট নিদিয়ে। এইটো আমাৰ জাতিৰ বাবে এক চেলেঞ্জৰ ইলেক্সন। মুখ্যমন্ত্ৰী জিকিবনে ৰাইজ জিকিব এইটো ৩০ অক্টোবৰত ৰাইজে দেখুবায় দিব বুলিও তেওঁ কয় ।এ আই ইউ ডি এফৰ বৰপেটা জিলা কমিটীৰ সভাপতি চামচুদ্দিন কাচিমিয়ে সভাপতিত্ব কৰা সভাখনত সাংহদ বদৰুদ্দিন আজমলে কংগ্ৰেছক সমালোচনা কৰি আৰু কয়, কংগ্ৰেছৰ কথা ক’বলৈ গ’লে দুই এজনৰ বাদে সকলো চোৰ। পইচা মাৰি খায়, মাটি মাৰি খায় কিন্তু বদৰ উদ্দিন আজমল এটা ব্যৱসায়ী কৰা বেপাৰী হয়। তাতেও আপোনালোকৰ অসুবিধা কিয়? মইটো চোৰ কৰি খোৱা নাই আপোনালোকৰ দৰে, বেপাৰ কৰি খাও মই। আপোনালোকে পুৰণি কংগ্ৰেছীৰ পৰা এই শিক্ষা লাভ কৰিছে। যিবোৰ কংগ্ৰেছীৰ ইলেকশ্বনৰ আগত হাতত গাড়ী নাই, ঘৰ নাই। সেই কংগ্ৰেছীৰ হাতত ইলেকশ্বনৰ পাছত ক’ৰ পৰা গাড়ী আহে, বিল্ডিং আহে? এইবোৰ সব চুৰিৰ খেলা। বদৰ উদ্দিনে কিন্তু বেপাৰ কৰি খাই আছে। যদি আপোনালোকেও চলিব খোজে মোৰ লগত ব্যৱসায়ী কৰক। আমি কংগ্ৰেছৰ ভূপেন বৰাৰ দৰে নহয় যে গৰুখুটিৰ ঘটনাৰ পাছত তাত গৈ কাপোৰ ফালিম। বাহ কি ধুনীয়া অভিনয় এয়া। যদি এনেকৈয়ে কাপোৰ ফালিলে হয় তেন্তে আমি তেনেকৈ কাপোৰ ফালি ফুৰিলো হৈ। এইবোৰ অভিনয় ভূপেন বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ত শিকি আহিছে। ইউ ডি এফ বিজেপিৰ এ টিম বুলি কয়। মই কও কংগ্ৰেছ বিজেপিৰ এ টিম। কাৰণ, ভৱানীপুৰত চাৰিবাৰৰ বাবে নিৰ্বাচন খেলিছোঁ। এজনে গাড্ডাৰী কৰা বুলিটো সকলোৱে নকৰে। কিন্তু কংগ্ৰেছে আহিছে মুছলিম ভোট নিবলৈ। মুছলিম ভোট নি বিজেপিক জিকাবলৈ কংগ্ৰেছে দিল্লীৰ পৰা জিতেন্দ্ৰ সিঙক আনিছে। জিতেন্দ্ৰ সিঙে কেৱল ইণ্টাৰভিউহে দিয়ে। পাৰে যদি তেওঁ দুই এটা ভাষণো দিয়ক। তেওঁ নোৱাৰে কাৰণ ভাষণ দিবলৈ মনত সদ ইচ্ছাও থাকিব লাগিব বুলি কটাক্ষ কৰি আজমলে পুনৰ কয় যে, হিমন্ত বিশ্ব শৰ্মাই তলা-চাবিক লৈ তাছিল্য কৰে। কিন্তু সকলোৱে তলা-চাবি ব্যৱহাৰ কৰো। হিমন্ত বিশ্বইও তলা-চাবি ব্যৱহাৰ কৰে বুলিও তেওঁ কয়। এই নিৰ্বাচনী প্ৰচাৰ সভাখনত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, হাইলাকাণ্ডি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন, বিধায়ক তথা ইউ ডি এফৰ সম্পাদক হাফিজ ৰফিকুল ইছলাম, বিলাসীপাৰাৰ বিধায়ক হাফিজ বচেৰ কাশিমী,ভৱানীপুৰ সমষ্টি উপ নিৰ্বাচনৰ প্ৰাৰ্থী জুব্বাৰ আলী, যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি জেহেৰুল ইছলামকে ধৰি ভালে কেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।