অসমবাসীক গৌৰম্বাৱিত কৰা লাভলীনা বৰগোহাইক চৰকাৰী চাকৰি তথা ২ কোটি টকা দিৱলৈ চৰকাৰলৈ আহ্বান উন্নয়ন পৰিষদৰ

303

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ৫ আগষ্টঃ অসমবাসীক গৌৰম্বাৱিত কৰা তথা ১২৪ বছৰৰ পিছত একমাত্ৰ অসমীয়া হিছাপে অলিম্পিকত পদক লাভ কৰা লাভলীনা বৰগোহাইক উপযুক্ত সা-সুবিধা তথা পুৰস্কাৰ আগবঢ়াবলৈ এক প্ৰেছ বিজ্ঞপ্তি যোগে চৰকাৰক আহ্বান জনাইছে অসমৰ আৰ্থ সমাজিক উন্নয়নৰ হকে কাম কৰি অহা জাতীয় সংগঠন সদৌ অসম উন্নয়ন পৰিষদে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে বিবৃতিত জনায় যে , লাভলীনাই অলিম্পিকত পদক লাভ কৰি অসমৰ লগতে ভাৰতবাসীকো বিশ্বৰ আগত উজলাই তুলিছে । যিটো অসমৰ বাবে গৌৰৱৰ বিষয় । সেয়েহে অসম চৰকাৰক অতি কমেওঁ ২ কোটি টকা তথা এটা প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি প্ৰদান কৰিৱৰ বাবে আহ্বান জনাইছে সভাপতি মৌচুম কুমাৰ উজীৰে । ইয়াৰ লগতে আগন্তুক দিনত লাভলীনাৰ প্ৰশিক্ষনৰ বাবে বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে পৰিষদৰ ক্ৰীড়া সম্পাদক শান্তনু শইকীয়াই ।