অসমৰ অংকীয়া ভাওনা পৰম্পৰা বাৰেচহৰীয়া ভাওনাৰ বিশেষ অধ্যয়ন সহ’ শীৰ্ষক বিষয়ত  ডক্টৰেট লাভ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক অশ্বিনী কুমাৰ ডেকাৰ

328
অসমৰ অংকীয়া ভাওনা পৰম্পৰা বাৰেচহৰীয়া ভাওনাৰ বিশেষ অধ্যয়ন সহ’ শীৰ্ষক বিষয়ত  ডক্টৰেট লাভ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক অশ্বিনী কুমাৰ ডেকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙাপৰা , ২২ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ উমেশ ডেকাৰ তত্বাৱধানত গৱেষণা কাৰ্য সম্পন্ন কৰি অশ্বিনী কুমাৰ ডেকাই সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে । বালিপৰা নিবাসী প্ৰয়াত তপেন্দ্ৰ নাথ ডেকা আৰু  লক্ষী ডেকাৰ জ্যেষ্ঠ পুত্ৰ অশ্বিনী কুমাৰ ডেকা বৰ্তমান শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক । উল্লেখ্য যে , ১৯৯১-৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ আংশিক পূৰণাৰ্থে যুগুতোৱা ক্ষুদ্ৰ গৱেষণা পত্ৰ (ডিচাৰ্টেটচন)খনিৰ বাবে অধ্যাপক ড০ উমেশ ডেকাৰ পৰামৰ্শ মতে  জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাক বিষয় হিচাপে লয় । তদানীন্তন বিভাগৰ মুৰব্বী অধ্যাপক ড০ নিৰ্মল প্ৰভা বৰদলৈ ছাত্ৰ কল্যাণ সঞ্চালক ড০ প্ৰবীণ চন্দ্ৰ দাস আদি পণ্ডিতৰ আশীৰ্বাদ লাভ কৰি প্ৰস্তুত কৰা গৱেষণা পত্ৰখনি প্ৰয়াত ড০ প্ৰমোদ ভট্টাচাৰ্যই বহিঃ নীৰিক্ষক  ৰূপে মূল্যায়ন কৰিছিল ।  ধীৰাজ দাস সম্পাদিত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বাৰ্ষিক আলোচনী আৰু অসমীয়া বিভাগৰ ‘জনমানস’ আলোচনীত বাৰেচহৰীয়া ভাওনা মহোৎসৱ সম্পৰ্কে সেই সময়ত প্ৰবন্ধ লিখিছিল । তেতিয়াই সকলোৱে বিষয়টিক লৈ গৱেষণা কৰাৰ বাবে তেখেতক পৰামৰ্শ দিছিল । সেই মৰ্মে , ড০ উমেশ ডেকাৰ নিৰ্দেশত ১৯৯২ চনত স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষা দি গৱেষণাৰ প্ৰাৰম্ভিক প্ৰস্তুতি কৰা হৈছিল যদিও ১৯৯৩ চনত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি গৱেষণা কেন্দ্ৰত  সঞ্চালক প্ৰয়াত টাবুৰাম টাইডৰ অধীনত ড০ গোলোক চন্দ্ৰ গোস্বামীৰ অসমীয়া অভিধান প্ৰস্তুতৰ প্ৰকল্পত যোগদান কৰাত আৰু পাছলৈ ঘৰৰ বৰপুত্ৰ হিচাপে ঘৰলৈ উভতি আহিব লগীয়া হোৱাত গৱেষণাৰ বিষয়টো তল পৰিছিল । পৰৱৰ্তী সময়ত ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত ১৯৯৮ চনত অমঞ্জুৰিপ্ৰাপ্ত পদত যোগদানৰ পাছত  সুদীৰ্ঘদিনৰ পাছত ২০১২ চনত পদটি স্হায়ী হ’ল । ২০১১ চনত ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত ড০ উমেশ ডেকাই পুনৰ সেই বিষয়তে গৱেষণা কৰাৰ বাবে অধ্যাপক ডেকাক পৰামৰ্শ দিয়ে । সেয়ে ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণাৰ বাবে আবেদন , লিখিত পৰীক্ষা , নিৰ্দিষ্ট পাঠ্যক্ৰমৰ শ্ৰেণী , পৰীক্ষা আদি দি  ড০ উমেশ ডেকাৰ তত্বাৱধানতে  পি, এইছ ডিৰ বাবে নাম পঞ্জীয়ন কৰে । অৱশেষত ২০১৩ চনত চূড়ান্ত পঞ্জীয়ন হ’ল ।ইপিনে , অধ্যাপক গৰাকীয়ে কলেজৰ পাঠদান , বিভিন্ন দায়-দায়িত্ব সামাজিক কাম আদিৰ মাজেৰে নিৰ্ধাৰিত সময় ৬ বছৰতো গৱেষণা সামৰিব নোৱাৰি  ৩ মাহৰ অতিৰিক্ত সময়ো লয় । এই সময় ছোৱাত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপিকা ড০ বিভা ভৰালীৰ সহায় , অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথ আৰু  ড০ প্ৰণীতা দেৱীৰ দিহা-পৰামৰ্শৰ সহায়ত সংশোধন , বিয়োজন আদি কৰি ২০১৮ চনত গৱেষণা পত্ৰখনি জমা দিয়ে । জামুগুৰিহাটৰ চৌপাশে সিঁচৰতি হৈ থকা ঐতিহাসিক সমল,নামঘৰ, দেৱালয়, সত্ৰ আদিৰ বৃহৎ সাংস্কৃতিক ক্ষেত্ৰখন দেখি শুনি অভিভূত হৈ এই বিষয়ত গৱেষনা কৰাৰ মন মেলিছিল । গৱেষণাৰ মূল বিষয় হৈছে ‘অসমৰ অংকীয়া ভাওনা পৰম্পৰাঃ বাৰেচহৰীয়া ভাওনাৰ বিশেষ অধ্যয়ন । তাৰোপৰি গৱেষনা পএত
অসমৰ শংকৰদেৱ-মাধৱদেৱৰ দ্বাৰা আৰম্ভ হোৱা নাট্য আন্দোলনত  ব্যৱহৃত  প্ৰাচীন অসমৰ নৃত্য-নাট্য অনুষ্ঠান সমূহ , ইয়াৰ উপাদান , পৰম্পৰা আদিৰ বিস্তাৰিত আলোচনা কৰা হৈছে । বৈষ্ণৱ নাট্য পৰম্পৰাৰ আলোচনা কৰি ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাখনিৰ বিভিন্ন দিশৰ তুলনা আদি কৰা হৈছে । পৰৱৰ্ত্তী সময়ত এই বিষয়ত তেখেতৰ আৰু অধিক কাম কৰাৰ হেপাহ মনত পুহি ৰখা বুলি উল্লেখ কৰে ।