অসমৰ অৰ্থনৈতিক বুনিয়াদ পুনৰ গঢ় দিয়াৰ উদ্দেশ্যে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নদীৰ পৰিৰ্দন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

90

অসমৰ অৰ্থনৈতিক বুনিয়াদ পুনৰ গঢ় দিয়াৰ উদ্দেশ্যে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নদীৰ পৰিৰ্দন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৪ অক্টোবৰ : এটা সময়ত ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে খ্যাত আছিল । উক্ত অঞ্চলৰ মোহনাঘাটৰ পৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন সা-সামগ্ৰী ব্ৰহ্মপুত্ৰ নদীয়ে দি বংগোপসাগৰৰ জৰিয়তে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে ইয়ালৈ আমদানিও হৈছিল । অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াত ডিব্ৰুগড়ৰ নদী বন্দৰৰ ভূমিকা ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ হৈ উঠিছিল। এই দিশত ডিব্ৰুগড়ৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰাই অনাৰ লক্ষ্যৰে আজি বগীবিলৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আৰু ইয়াত প্ৰস্তাৱিত কাৰ্গ’ টাৰ্মিনেল তথা পৰ্যটনঘাটৰ প্ৰকল্পস্থলীৰ সৈতে জড়িত বিভিন্ন দিশৰ বুজ লয় । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত “এক্ট ইষ্ট প’লিচী”ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া যাতায়াত-যোগাযোগ ব্যৱস্থা সুগম হৈ পৰিছে , যাৰ যোগেদি সমগ্ৰ অঞ্চলটোত সূচনা হৈছে উন্নয়নৰ এক ন-দিগন্ত “প্ৰধানমন্ত্ৰী গতি শক্তি”ৰ অধীনত প্ৰস্তাৱিত উক্ত পদক্ষেপসমূহ ৰূপায়ণ হ’লে অসমৰ অৰ্থনৈতিক গতি অধিক ত্বৰান্বিত হোৱাৰ লগতে যুৱ প্ৰজন্মৰ বাবে সংস্থাপনৰ পথো প্ৰশস্ত হ’ব । সেয়েহে এইক্ষেত্ৰত যাৱতীয় আন্তঃগাঁথনি গঢ় দিয়াত অগ্ৰাধিকাৰ প্ৰদান কৰে । তদুপৰি ব্ৰহ্মপুত্ৰৰ বুকুত মজুত থকা বিভিন্ন পৰ্যটন সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অত্যাধুনিক অন্বেষণৰ দ্বাৰা অনাগত দিনত উপযুক্ত ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে । পৰিদৰ্শনকালত উপস্থিত থাকে লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা , দলৰ কৰ্মী সকলৰ লগতে কেন্দ্ৰীয় বন্দৰ , জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকল , অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী তথা বিষয়াসকল , উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক অনশুল গুপ্তা আৰু বিষয়াসকল উপস্থিত থাকে ।