অসম গৌৰৱ লাভলীনা বৰগোহাঁই লৈ স্বৰ্ণ পদক জয় লাভৰ বাবে উলুপ চাও ছেং ৰেণত ফু-ৰা-লুং পূজাৰ আয়োজন

276

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ০২ আগষ্টঃ আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত উলুপত বীৰ লাচিত সেনা আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত অসম গৌৰৱ নাং লাভলীনা বৰগোহাঁই লৈ সমগ্ৰ অঞ্চল বাসি  ৰাইজে আহোম সকলৰ পৰম্পৰাগত ধৰ্ম নিতি নিয়মে , ফু-ৰা-লুং পূজাৰ আয়োজন কৰি লাভলীনা বৰগোহাঁই সোনৰ পদক আনিবলৈ পূজা দ্বাৰা আশীৰ্বাদ জনাইছে ভগৱানৰ ওচৰত । লাভলীনাই অসম লৈ সোনৰ পদক অৰ্জন কৰিবলৈ সমুহ ৰাইজে লাকত এশ এগছি বন্তি জ্বলাই লেংডনত পুৰুহিত আৰু জ্ঞায়াতি সমুহে পূজা অৰ্চনা কৰে । লাভলীনাই যাতে দেশ আৰু জাতীৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে এই পুজা পালন কৰা হয় । উক্ত পুজাত মাৰ্ঘেৰিটা মহকুমাৰ অধিপতি প্ৰলাশ ৰাজকুমাৰ আহোম উপস্থিত থাকে । লগতে উপস্থিত থাকে বীৰ লাচিত সেনাৰ বিষয় ববিয়া সকল আৰু তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্ব বৰ্গ , স্থানীয় বিশিষ্ট অতিথি সকল ।