আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰা আৰু প্ৰায়ত সভাপতি বস্কো চাৰমাকোৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰঃ শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰীৰ কাতি বিহুৰ বন্তি প্ৰজ্বলন

72

আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰা আৰু প্ৰায়ত সভাপতি বস্কো চাৰমাকোৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰঃ শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰীৰ কাতি বিহুৰ বন্তি প্ৰজ্বলন

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ১৮ অক্টোবৰঃ সম্প্ৰীতি ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুঙত। শাসক – বিৰোধী সকলোৱে নিজ নিজ সৰ্ব শক্তি প্ৰয়োগ কৰি নিজ নিজ মনোনীত তথা সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। গোসাঁইগাঁও বিধান সভা সমষ্টিত বিজেপি – ইউপিপিএল মিত্ৰদলৰ প্ৰাৰ্থী জীৰন বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবৰ বাবে সোমবাৰে বিয়লি চাৰি বজাত হেলিকাপ্তাৰ যোগে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰ্যসূচী অনুসৰি বিয়লি চাৰিবজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰৰ নিকটৱৰ্তী হাৰাপুটাস্থিত আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰাৰ গৃহত উপস্থিত হৈ প্ৰয়াত সভাপতি জাষ্টিন লাক্ৰাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আছাৰ প্ৰতিস্থাপক সভাপতিগৰাকীৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে ৷তাৰ পিছত সংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰয়াত আছাৰ সভাপতি জাষ্টিন লাক্ৰাৰ সৈতে তেওঁৰ ঘৰুৱা সম্পৰ্ক আছিল৷ ইয়াৰ পিছত পদ্মবিলস্থিত আছাৰ প্ৰয়াত সভাপতি বস্কো চেৰমাকোৰ গৃহত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতেও মত বিনিময় কৰে৷ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ স্বভিমান কাতি বিহুৰ প্ৰতি সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ বিহাৰী পাট্টিৰ ধানানি পথাৰত বন্তি প্ৰজ্বলন কৰে। অসমৰ মূল শস্য ধান খেতিত বন্তি প্ৰজ্বলন কৰি মূল্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বাসীৰ উদ্দেশ্যে কয় যে অসমীয়া জনজীৱনৰ অতিকৈ আপোন কাতি বিহুৰ দিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাওঁ যে অসমবাসীৰ খেতিপথাৰত সোণালী শইচৰ সৃষ্টি হৈ আমাৰ পৰা কঙালী দুৰ হৈ আমাৰ জীৱনত সুখ আৰু সোভাগ্যৰে আমাৰ জীৱনবোৰ ভৰি পৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে গোসাঁইগাঁও আৰক্ষী থানাৰ অধীনস্থ মৰনাই চা বাগিছাত নিশা যাপন কৰি অধিবাসী সম্প্ৰদায়ৰ বিভিন্ন দল সংগঠনৰ লগত নিৰ্বাচন সম্পৰ্কে মত বিনিময় কৰিব। আকৌ অহাকালি ৰাতিপুৱা গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মিত্ৰদলৰ প্ৰাৰ্থী জীৰন বসুমতাৰীৰ হৈ এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মুখ্য মন্ত্ৰীৰ সৈতে সমূহ কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগ, ভূমি সংৰক্ষণ বিভাগৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ লগতে বিটিচিৰ ইএম , এমচিএলএ সকল উপস্থিত থাকে ৷