আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিন , জনতাৰ পাৰভঙা উৎসাহ , মৰিগাঁৱৰ জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি 

170
আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিন , জনতাৰ পাৰভঙা উৎসাহ , মৰিগাঁৱৰ জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি
বিহু-তিৱা নৃত্য গীতেৰে আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক , ঐতিহাসিক ধৰমতুল বিষ্ণু মন্দিৰত প্ৰৱেশ কৰি সেৱা ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা আশীৰ্বাদে উন্নয়নৰ নতুন দিগন্ত সুচনা কৰিব—-সোণোৱাল , মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰশংসাতো পঞ্চমূখ—-কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২২ আগষ্ট : কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনা পুৱাৰ ভাগত আহি জাগীৰোডত উপস্থিত হয় । বিহু আৰু তিৱা নৃত্য গীতেৰে জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক আশীৰ্বাদ যাত্ৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাইজে বিপুল আদৰণি জনোৱাৰ লগতে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । জাগীৰোডত ৰাইজৰ এই বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাইজক উদ্দেশ্যি ভাষণত কয় যে- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ অধিক গুৰুত্ব আৰোপ কৰিছে । উত্তৰ পূবৰ এই ৰাজ্য কেইখনৰ লগতে বিশেষ ভাৱে অসমৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে লোৱা ভূমিকাক আমি সদায় স্মৰণ কৰিব লাগিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ নেতৃত্বত তিনিদিনীয়াকৈ হোৱা এই আশীৰ্বাদ যাত্ৰাই জনসাধাৰণ আৰু চৰকাৰ খন ওচৰ চপাই নিয়াত সৰ্বোতো প্ৰকাৰে সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে । ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে পাহাৰ ভৈয়ামৰ শান্তি সম্প্ৰীতি অটুত ৰক্ষাৰ বাবে বিজেপি চৰকাৰ সদায় ৰাজ্যখনৰ লগতে জাতিটোৰ বাবে অহোপুৰুষাৰ্থ সেৱা আগবঢ়ায় যাব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনকো প্ৰশংসাই উপচাই পেলায় ।জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি দ্বিতীয়দিনা জাগীৰোড সমষ্টিত লোৱা এই আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী শলাগ লোৱাৰ লগতে জাগীৰোডৰ পৰা ধৰমতুলস্থিত বিষ্ণু মন্দিৰলৈকে এই সুদীৰ্ঘ বাটচোৱাত ৰাইজৰ বিপুল উষ্ম সম্বৰ্ধনা , অভিবাদন গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আৱেগিক হৈ পৰে । জাগীৰোডত কেন্দ্ৰীয় ভাৱে আয়োজিত উষ্ম আদৰণি সভাখনত আদৰণি ভাষণ প্ৰদান কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই উপস্থিতিয়ে জাগীৰোডবাসী ৰাইজক অতি উৎসাহিত কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাগীৰোডবাসীৰ হৈ উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰে । আজি এই আশীৰ্বাদ যাত্ৰাৰ জাগীৰোডত আয়োজিত আদৰণি অনুষ্ঠানটোত বিজেপি ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানটোত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ , ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপৰিও বিজেপি দলৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই অংশ গ্ৰহণ কৰে । আদৰণি অনুষ্ঠানটোত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে মৰিগাঁও বিজেপিৰ জিলা সভাপতি প্ৰবীণ মেধি আৰু অগপ জিলা সভাপতি শান্তনু শৰ্মাও অংশ গ্ৰহণ কৰে । ইপিনে , আজি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জাগীৰোডৰ পৰা যাত্ৰা কৰি সমষ্টিটোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা স্থানতো ৰাইজৰ বিপুল সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে আমলিঘাটৰ সীতাজখলা উন্নয়ন সমিতিৰ সম্বৰ্ধনা গ্ৰহণ কৰে । মন্ত্ৰী গৰাকীয়ে নেলীৰ পলাশগুৰীত প্ৰবীণ বিজেপি নেতা তথা বিজেপিৰ মৰিগাঁও জিলাৰ প্ৰাক্তন সভাপতি পদ্ম কাকতিৰ ঘৰত উপস্থিত হৈ প্ৰবীণ বিজেপি নেতাগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ স্বাস্থ্যৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ইতিহাস প্ৰসিদ্ধ ধৰমতুলৰ শ্ৰী শ্ৰীবিষ্ণু মন্দিৰত প্ৰৱেশ কৰি সেৱা লোৱাৰ লগতে ধৰমতুলৰ বিষ্ণু মন্দিৰৰ ভক্তবৃন্দৰ লগত ভাৱ বিনিময় কৰে । ধৰমতুল বিষ্ণু মন্দিৰৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানটো অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । জাগীৰোড সমষ্টিত আজি আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উপলক্ষে আয়োজন কৰা প্ৰায় কেইটা অনুষ্ঠানতেই বিশেষ ভাৱে সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে সতীৰ্থ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰহাস্থিত জোঙাল বলহুত এক আয়োজিত এক অনুষ্ঠানটো অংশ গ্ৰহণ কৰে । উল্লেখ্য যে-কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয় দিনা প্ৰখৰ ৰ’দ নেওচি জাগীৰোডত ব্যাপক জনতাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ।