উপায়ুক্ত অনুপম চৌধুৰীৰ ডবকা ৰাজহ চক্ৰ আৰু ডবকা পৌৰসভাৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন

99

উপায়ুক্ত অনুপম চৌধুৰীৰ ডবকা ৰাজহ চক্ৰ আৰু ডবকা পৌৰসভাৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ১৩ ছেপ্টেম্বৰঃ আজি হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ডবকা পৌৰসভাৰ কাৰ্যালয়ত আকস্মিকভাবে উপস্থিত হৈ কাম-কাজৰ নিৰীক্ষণ কৰে ৷ নিৰীক্ষণ কালত ডবকা ৰাজহ চক্ৰটোত অনুজ্ঞাপত্ৰ নথকা তৰণিসকলে যাতে কাম কৰিব নোৱাৰে তাৰ বাবে চক্ৰ বিষয়াক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অনুজ্ঞাপত্ৰ থকা তৰণিসকলক এক সপ্তাহৰ ভিতৰত চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদৰ বাহিৰত বহাৰ সুব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তদুপৰি চক্ৰটোত যাতে কোনো ধৰণৰ অনৈতিক কার্য সংঘটিত নহয় তাৰপ্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ চক্ৰ বিষয়া আৰু লাট মণ্ডল সকলক নির্দেশ দিয়ে ৷ ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে জল জীৱন মিছনৰ অধীনত জিলাখনৰ বিভিন্ন অঞ্চলত চলি থকা নল যোগে বিশুদ্ধ খোৱাপানী যোগানৰ নির্মীয়মান কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ৷